প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ চি বি আইৰ হাতত গ্ৰেপ্তাৰ!




সিংহাসন ত নাথাকিলে ৰজাক পৰিয়ালক ৰজাৰ পৰিয়াল বুলি গণ্য কৰা নাযায় । অসম ৰাজ্যিক কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক ৰ ঋণ সম্বন্ধীয় এক পুৰণি গোচৰত চি বি আয়ে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দ্বিতীয় পুত্ৰ অশোক শইকীয়াক গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে হিতেশ্বৰ শইকীয়া ৰ জেষ্ঠ পুত্ৰ তথা ঋণ কেলেংকাৰী ত অভিযুক্ত অশোক শইকীয়াৰ জেষ্ঠ ভাতৃ বৰ্তমান ৰ অসম বিধানসভাৰ কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হোৱাৰ উপৰিও দলপতিও ।বহু বছৰৰ পৰা ২০২/৯৮ নম্বৰত এই সম্পৰ্কত পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ।

এই গোচৰৰ তদন্তৰ দায়িত্ব ২০০১চনতেই চিবিআই লৈ হস্তান্তৰ কৰা হৈছিল যদিও পিছৰ কিছু বছৰ ৰাজনীতি ত কংগ্ৰেছ চৰকাৰৰ দপদপনি থকা কাৰনে ফাইলৰ মাজত হেৰাই গৈছিল এই তদন্ত । আজি একাংশ ই চি বি আইৰ পুনৰ তদন্ত ক ৰাজনৈতিক ৰূপ দিবলৈ উঠি পৰি লাগিছে যদিও , লাখ লাখ টকা পৰিশোধ নকৰা অশোক শইকীয়া ২০১৩ চনত ৬/ই/২০০১ গোচৰত দোষী সাব্যস্ত হৈছিল । এতিয়াৰে পৰা চি বি আইৰ বিশেষ আদালত চলিত তেওৰ বিৰুদ্ধে তদন্ত । ৯ নৱেম্বৰত হাজিৰ হ’ব লাগিব চিবিআইৰ বিশেষ আদালতত। ইফালে প্ৰয়াত মুখ্যমন্ত্ৰী জনৰ পুত্ৰ অশোক শইকীয়া ই কয় যে বেংকৰ বকেয়া ঋণ ২০১১ চনতে পৰিশোধ কৰিছে আৰু বেংকে এই বিষয়ত আদালতক জনোৱা নাছিল বুলি কয় অশোক শইকীয়াই।এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

17 views0 comments