ফটকাৰ পৰা সূত্ৰপাত : ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ডত ঘৰ-গুডাম জাহ, কোটি টকাৰ ক্ষতি




এটা বিধ্বংসী অগ্নিকাণ্ডই ৰঙিয়াত ম্লান কৰিলে দীপাৱালীৰ আনন্দ-উল্লাস। চহৰখনৰ শিৱ মন্দিৰ ৰোডৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন বৈশ্যৰ ভাৰাঘৰত ফটকাৰ বাবে সংঘটিত হয় অগ্নিকাণ্ডটো। ঘটনাটোত কাপোৰৰ গুডামৰ লগতে কেইবাটাও গৃহ ভস্মীভূত হয়। অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি বিনষ্ট হয়।


দুমহলীয়া ঘৰটোৰ প্ৰথমতে এটা ভাৰাঘৰত জুই লাগে। সেই জুয়ে মুহূৰ্ততে কাপোৰৰ গুডাম এটাৰ লগতে আন চাৰিটা ঘৰ সামৰি লয়। আনহাতে, ঘৰটোৰ সমীপতে লাগি থকা আন এটা কোঠালৈ জুই বিয়পি পৰাত কোঠাটোত আবদ্ধ হৈ থকা লোকসকলক ৰাইজে উদ্ধাৰ কৰে।


ইফালে, ঘটনাৰ বিষয়ে লগে লগে খবৰ পাইও অগ্নিনিৰ্বাপক বাহিনীৰ দল দেৰিকৈ উপস্থিত হোৱাত স্থানীয় ৰাইজ কিছু উত্তেজিত হৈ পৰে যদিও বাহিনীয়ে জুই নিৰ্বাপন কৰে।


দীপাৱলীৰ নিশা ৰূপহীহাট অঞ্চলৰো এটা গৃহ অগ্নিকাণ্ডত জাহ যায়। ফটকাৰ বাবে অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটা বুলি অনুমান কৰা হৈছে।

3 views0 comments