বজাৰত জুই-ছাই দাম : নৱবৰ্ষৰ পাৰ্টীটো খাওঁ বুলি খাব নোৱাৰা দিন পৰিল




জপনাখন মেলিলেই যেন সোমাই আহিব নৱবৰ্ষটো। দুৱাৰডলিত আহি উপস্থিত হেঁপাহৰ নতুন বছৰটো। বৰ্ষটোৰ হাতত ধৰি আহিছে অমাইক্ৰন নামৰ দৈত্যটো। চলিত বছৰটোৰ দৰেই হয়তো মহামাৰীৰ সৈতে যুঁজি যুঁজি মানৱ সভ্যতা আগবাঢ়িব লাগিব। সতৰ্কতা, কৰোনাবিধি মানি চলাটোৱেই হ’ব সমাগত বৰ্ষটোৰ অন্যতম সংকল্প। ইয়াৰ মাজতো নতুন বছৰৰ প্ৰাকক্ষণত পাৰ্টী এটাৰ লোভ কোনেও এৰিব নোৱাৰে। অৱশ্যে কৰোনাবিধি মানি নৱবৰ্ষৰ ভোজ অথবা পা্টী সম্ভৱ। কিন্তু কথাতে আছে, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। কণা বিধি আন কোনো নহয়, সামগ্ৰীৰ আকাশলংঘী দাম। এনে এবিধ সামগ্ৰী নাই যিবিধৰ দামে ইতিহাস কৰা নাই। সাধাৰণতে চৰকাৰে বয়-বস্তুৰ দাম বৃদ্ধিৰ কথা চৰকাৰে স্বীকাৰ নকৰে। ইয়াৰ বিপৰীতে বিভিন্ন অপ্ৰাসংগিক-অদৰকাৰী কথা আৰু যুক্তিৰে বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা চলায়। তাৰে মাজতো চৰকাৰী তথ্যত উন্মোচিত হয় বয়-বস্তুৰ ঊৰ্ধ্বমুখী দামৰ ছবিখন। চৰকাৰী তথ্য অনুসৰি ২০২০ চনৰ মার্চৰ পৰা চলিত বর্ষৰ ডিচেম্বৰলৈকে অর্থাৎ যোৱা ২১ মাহত সর্বাধিক দাম বৃদ্ধি ঘটিছে পিঁয়াজ, মিঠাতেল আৰু দাইলৰ৷ ২০২০ চনৰ মার্চত প্রতিকিলো মচুৰ দাইল (ডাঙৰৰ দাম আছিল ৬৩ টকা৷ আনহাতে, বর্তমান প্রতিকিলো মচুৰ দাইলৰ দাম ১০০ টকা৷ অর্থাৎ ২১ মাহত মচুৰ দাইলৰ দাম ৫০.৭৯ শতাংশ বৃদ্ধি হৈছে৷ খুচুৰা বজাৰত ৫০ শতাংশতকৈ অধিক দাম বৃদ্ধিৰ বিপৰীতে পাইকাৰী বজাৰত প্রতিকিলো মচুৰ দাইলৰ দাম সর্বাধিক ২৬.৬৯ শতাংশলৈ বৃদ্ধি পাইছে৷ একেদৰে ২০২০ চনৰ মার্চ মাহত প্রতিকিলো আইজং চাউলৰ দাম আছিল সর্বাধিক ২৭–৪০ টকা৷ বর্তমান আইজং চাউলৰ মূল্য ৩৪–৪০ অর্থাৎ খুচুৰা বজাৰত প্রায় ২৫.৯৩ শতাংশ মূল্যবৃদ্ধি ঘটিছে৷ ইফালে মিঠাতেলৰ ক্ষেত্রতো ২০২০ চনৰ মার্চ মাহৰ তুলনাত বর্তমান মূল্য অভাৱনীয় হাৰত বৃদ্ধি হৈছে৷ ২০২০ চনৰ মার্চ মাহত মিঠাতেলৰ মূল্য আছিল প্রতিলিটাৰত ৯০ টকাৰ পৰা ১৩২ টকা৷ ইয়াৰ বিপৰীতে বর্তমান মিঠাতেলৰ মূল্য ১৬৬–২০৬ টকালৈ বৃদ্ধি হৈছে৷ অর্থাৎ প্রতিলিটাৰ মিঠাতেলৰ মূল্য খুচুৰা বজাৰত ৮৪.৪৪ শতাংশলৈ বৃদ্ধি হৈছে৷ মচুৰ দাইল (সৰু) ২০২০ চনৰ মার্চ মাহত প্রতিকিলোৰ দাম আছিল ৮০–১০০ টকা৷ বর্তমান ইয়াৰ মূল্য ৯৮–১০৪ টকালৈ বৃদ্ধি হৈছে৷ খুচুৰা বজাৰত সেই দাইলৰ দাম ২২.৫০ শতাংশলৈ বৃদ্ধি পাইছে৷ প্রতিকিলো বুটৰ দাইলৰ দাম ২০২০ চনত আছিল ৫৭–৭০৷ এই মূল্য বর্তমান ৭০–৮০ টকালৈ বৃদ্ধি হৈছে৷ অর্থাৎ সর্বাধিক ২২.৮১ শতাংশলৈ বুটৰ দাইলৰ মূল্য বৃদ্ধি ঘটিছে৷ ইফালে ২০২০ চনত প্রতিকিলো পিঁয়াজৰ মূল্য আছিল ১৮–৩৬ টকা৷ বর্তমান প্রতিকিলো পিঁয়াজৰ মূল্য ৩৪–৪১ টকালৈ বৃদ্ধি হৈছে৷ প্রায় ৮৮.৮৯ শতাংশলৈ মূল্যবৃদ্ধি ঘটিছে পিঁয়াজৰ৷ আলুৰ ক্ষেত্রতো ২০২০ চনত প্রতিকিলো আলুৰ মূল্য আছিল ১৬–২০ টকা৷ বর্তমান খুচুৰা বজাৰত প্রতিকিলো আলুৰ ২১ টকালৈ দাম বৃদ্ধি ঘটিছে৷ ৰহৰ দাইলৰ প্রতিকিলোৰ মূল্য ২০২০ চনত আছিল ৭২–৯৩ টকা৷ বর্তমান এই মূল্য ৯৫–১০৭লৈ বৃদ্ধি পাইছে৷ প্রায় ৩১.৯৪ শতাংশলৈ বৃদ্ধি হৈছে ৰহৰ দাইলৰ দাম৷

তালিকাখনৰ পৰা বাদ পৰি ৰোৱা বহু সামগ্ৰীৰ দামে এতিয়া হিমালয় স্পৰ্শ কৰিবলৈ ওলাইছে। প্ৰায় প্ৰতিবিধ শাক-পাচলিৰ দাম সাধাৰণ লোকে ঢুকি নোপোৱা অৱস্থালৈ গৈছে। মাংসৰ দামো আকাশলংঘী হৈছে। আজিৰ তাৰিখত হাঁহ-কুকুৰা, ছাগলী, গাহৰি সকলোৰে দাম দৰিদ্ৰ লোকে ঢুকি নোপোৱা দূৰত্বত। মধ্যবিত্তৰ বাবেও বাজেট নিমিলা স্তৰলৈ গুচি গৈছে সামগ্ৰীৰ দামে। এনে অৱস্থাত নতুন বছৰ বুলি ভোজ এটা খাওঁ বুলিও খাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। ইফালে, চৰকাৰে, বিভিন্ন যুক্তিৰে সামগ্ৰীৰ দামবৃদ্ধিৰ ক্ষেত্ৰখনৰ পৰা নিজকে আংতৰাই ৰখাৰ চেষ্টা চলায়। এটা বিভাগে আনটো বিভাগলৈ দায়িত্ব ঠেলি দিয়ে। এনে টনা-আঁজোৰাৰ মাজতো নৱবৰ্ষ আহে। এইবাৰ অসনৰ জনগণে কিদৰে নৱবৰ্ষৰ ভোজ অথবা পাৰ্টী আয়োজন কৰে, সেয়া লক্ষণীয় হ’ব।

3 views0 comments