বটদ্ৰাৱা থানত ৪০ তোলা সোণ দান অজ্ঞাত ভক্তৰ




মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জননী বটদ্ৰৱা থানৰ প্ৰতি অসমবাসীৰ আস্থা আৰু ভক্তি অতুল্য। থানখনলৈ প্ৰতিদিনে হাজাৰ হাজাৰ ভক্ত সেৱাৰ্থে আহে। নেদেখাজনৰ শ্ৰীচৰণত সেৱা জনাই নিজৰ জীৱন ধন্য হোৱা বুলি স্বৰ্গীয় অনুভৱ লৈ নিজ ঘৰলৈ গুচি যায়। সেৱাৰ সময়ত অনেকে থানখনত দান কৰে। শেহতীয়াকৈ এজন অজ্ঞাত ভক্তই থানখনলৈ ৪০ তোলা সোণ দান হিচাপে আগবঢ়োৱাৰ তথ্য পোহৰলৈ আহিছে। ভক্তজন কোন বা ক’ৰ নতুবা কেতিয়া সোণখিনি তেওঁ দান হিচাপে আগবঢ়ালে, সেই তথ্য অদ্যাপি পোহৰলৈ অহা নাই।

কথাটো পোহৰলৈ আহে প্ৰণামী বাকচৰ গণনাত। গণনাকাৰ্য সোমবাৰৰ পৰা আৰম্ভ হৈছে। ধন গণনাৰ প্ৰথম দিনাই পৰিচালনা সমিতিৰ সদস্য আৰু ভকত বৈষ্ণৱসকলে বাকচৰ ধন গণনা কৰি থাকোঁতে ধনৰ লগতে এটা মানিবেগৰ ভিতৰত ৪০ তোলা সোণ লাভ কৰে।

জানিব পৰা মতে, এজন অজ্ঞাত ভক্তই বটদ্ৰৱা থানলৈ বুলি সোণখিনি আগবঢ়াই থৈ যায়৷ লগতে পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকৰ জ্ঞাতাৰ্থে এখন কাগজত তেওঁৰ ইচ্ছাৰ বিষয়েও লিখি থৈ যায়। ভক্তজনে দান সূত্ৰে আগবঢ়োৱা সোণখিনি কীৰ্তনঘৰৰ গুৰুআসনৰ চাৰিটা খুঁটাত লগালে তেওঁৰ জীৱন ধন্য হ’ব অনুৰোধ জনায়।

ভক্তজনৰ এনে মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ উল্লেখ্য যে যি সময়ত একাংশ লোকে সাধাৰণভাৱে কিবা এপদ দান সামগ্ৰী বা মূল্য দান কৰিও ছ’চিয়েল মিডিয়া তথা সকলোৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে, তেনে সময়তে ভক্তগৰাকীয়ে ২০ লাখ টকীয়া বজাৰ মূল্যৰ ৪০ তোলা সোণ দান কৰিও নিজৰ নাম প্ৰকাশ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰা কথাটোৱে ভক্তৰ মহানুভৱতা চিন্তাৰ বহিঃপ্ৰকাশ ঘটা বুলিও বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে মত প্ৰকাশ কৰিছে।

বটদ্ৰৱা থানৰ ধন গণনাকাৰ্যত সেৱা আগবঢ়োৱা পৰিচালনা সমিতিৰ সদস্য আৰু ভকত বৈষ্ণৱসকলে সোণ দান কৰা মহানুভৱ ভক্তজনৰ মংগল কামনা কৰাৰ লগতে গুৰুজনাৰ সেৱাত ব্ৰতী থকাৰ ক্ষেত্ৰত তেওঁৰ সু-স্বাস্থ্যৰগৰাকী হৈ থকাৰ বাবে আশীৰ্বাদ নিৰ্মালি প্ৰদান কৰে।

8 views0 comments