বৰকলাত নিশাই চুৰি কৰা গাই কাটি মাংস নিলে দুৰ্বৃত্তই, পেলাই থ'লে ভৰি, মূৰ, ভুৰু




ধুবুৰী জিলাৰ গোলকগঞ্জতকালী প্ৰতিমাৰ মূৰ ভাঙি লৈ যোৱা নিশাটোতে নগাঁও জিলাৰ বৰক’লাত সংঘটিত হৈছে আন এটা কাণ্ড। দুস্কৃতিকাৰীয়ে মঙলবাৰে নিশা বৰকলাৰ দুটা পৰিয়ালৰ পৰা চুৰি কৰা দুটা গাই নিশাই গাঁওখনত ভগাই লৈ গুচি যায়। দলটোৱে দুয়োটা গৰুৰ ভৰি, মূৰ, নাড়ী-ভুৰু আদি পেলাই থৈ যায়। লক্ষণীয় কথাটো হ'ল, জিলাখনত গৰু চুৰিৰ দৰে অপৰাধ দীৰ্ঘদিন ধৰি হৈ আহিছে। কিন্তু গাই গৰু চুৰি কৰি হিন্দু বসতিপূৰ্ণ অঞ্চলত কাটি মাংস লৈ যোৱা আৰু অৱশিষ্ট পেলাই যোৱাটো সম্পূৰ্ণৰূপে পৰিকল্পিত। উদ্দশ্যপ্ৰণোদিত। ইয়াৰ আঁৰত গভীৰ চক্ৰান্ত লুকাই আছে।


উল্লেখ্য যে মঙলবাৰে নিশা এক মান বজাত বৰক’লা সিং গাঁৱৰ সুনন্দ বৰাৰ ঘৰৰ গোহালিৰ পৰা বগা ৰঙৰ এটা আৰু দিনাই বৰাৰ গোহালিৰ পৰাও মুগা বৰণৰ গাই এটা চুৰি হয় ৷ চুৰি হোৱা গাই দুটাৰ সন্ধানত দুয়োটা পৰিয়ালৰ লোকে পুৱা বিচাৰ-খোচাৰ কৰি দক্ষিণপাট আৰু বৰক’লা গাঁৱৰ মাজত অৱস্থিত গুৰু শংকৰ নানক মহাবিদ্যালয়ৰ ওচৰৰ বননিৰ মাজত প্ৰত্যক্ষ কৰে অকল্পনী দৃশ্য। চুৰি গাই দুটা কাটি মাংসবোৰ লৈ যোৱাৰ পৰিৱৰ্তে সেই স্থানত ঠেং, মূৰ, ভুৰু আদি এৰি থৈ যায় ৷


ঘটনাটো মুহূৰ্ততে ৰাষ্ট্ৰ হৈ পৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে উক্ত কাৰ্যত জৰিত দুষ্কৃতিকাৰীক চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ ৰাইজে প্ৰশাসনক দাবী জনায় ৷ ইতিমধ্যে বেবেজীয়া পহৰা আৰক্ষী চকীত গৃহস্থই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

0 views0 comments