বৰ্বৰ কাণ্ডৰ আৰু এটা বছৰ বাগৰিল : নিৰ্ভয়াই ন্যায় পালেনে?



১৬ ডিচেম্বৰ ২০১২ চন- ভাৰতৰ ইতিহাসৰ ক’লা দিন। সেই দিনটোতে দিল্লীৰ ৰাজপথত দেশমাতৃৰ এগৰাকী কন্যাক কেইটামান নৰপিশাচে চলন্ত বাছতে ধৰ্ষণ কৰি মানৱ সভ্যতাৰ গৰিমাক কলংকিত কৰিছিল। লুণ্ঠিত হৈছিল ভাৰতৰ অহংকাৰ। নৰাধমকেইটাৰ চাৰিটাক ইতিমধ্যে ফাঁচি দিয়া হৈছে। নিৰ্ভয়াই বিচাৰ পালে। কিন্তু ন্যায় পালেনে? ঘটনাটোৰ প্ৰায় দহ বছৰ পিছতো এই প্ৰশ্নটোৱে দেশবাসীক কন্দুৱায়। আমনি কৰে। দুশ্চিন্তাগ্ৰস্ত কৰি তোলে। আজিও ভাৰতত হাজাৰ নি্ৰ্ভয়াই নৰপিশাচৰ কামনাৰ বলি হৈ আহিছে। ঘৰ্ষণ, গণধৰ্ষণৰ বলি হৈ কিমানজন নিৰ্ভয়াই যে এইখন দেশত ৰক্তৰ চকুলো টুকিবলগীয়া হৈছে, সেই হিচাপটোৱে সুধী সমাজৰ বুকু কঁপাই তোলে। ধৰ্ষণৰ পিছত হত্যা, এই পৰিসংখ্যাটোও কম নহয়। যেতিয়ালৈকে ভাৰতবৰ্ষত নৰপিশাচৰ এনে পাশৱিক কাণ্ড সংঘটিত হৈ থাকিব, নিৰ্ভয়াই ন্যায় নাপায়। নিৰ্ভয়া ভাৰতৰ বাবে ধৰ্ষণমুক্ত সংগ্ৰামৰ প্ৰতীক হৈ ৰ’ব লাগিব। চেতনাই চেতনাই মানুহৰ মনত এই কথা সোমাই পৰিব লাগিব। আইনী ব্যৱস্থাটোৰ বাবেও নিৰ্ভয়া হ’ব লাগিব এখন অপৰাধমুক্ত ভাৰতৰ তাগিদা।

নিৰ্ভয়া কাণ্ডৰ চাৰিটা জীৱিত নৰপিশাচ মুকেশ সিংহ, পৱন গুপ্ত, বিনয় শর্মা আৰু অক্ষয় ঠাকুৰক ফাঁচী দিয়া হ’ল। দীৰ্ঘ সাত বছৰ ধৰি চলা ন্যায়িক যুদ্ধখনৰ অন্তত নিৰ্ভয়া আৰু নিৰ্ভয়াৰ পৰিয়ালে কাংক্ষিত ধৰণে বিচাৰ পালে। কিন্তু তাতো বিচাৰ ব্যৱস্থাৰ দুৰ্বল দিশ থাকি গ’ল। কথাতে বলে ‘জাষ্টিচ ডিলেইড ইজ জাষ্টিচ ডিনায়েড’। নির্ভয়াৰ ক্ষেত্ৰতো সেয়াই হ’ল। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বৰ্বৰ কাণ্ডটোৰ দ্ৰুত বিচাৰ সম্ভৱ হ’লেও শাস্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সকলোৱে প্ৰায় সাত বছৰ অপেক্ষা কৰিবলগীয়া হ’ল। ২০১৩ চনৰ ছেপ্টেম্বৰতে চাৰিও অপৰাধীৰ ফাঁচিৰ ৰা দিয়া হৈছিল। কিন্তু তাক কাৰ্যকৰীৰ কৰিবলৈ সাত বছৰ লাগিল। ২০২০ চনতহে ৰায়টো কাৰ্যকৰী হ’ল।

কি ঘটিছিৱ ১৬ ডিচেম্বৰত?

দিনটা আছিল দেওবাৰ। বন্ধুৰ সৈতে চিনেমা চাই ঘৰলৈ উভতিছিল ২৩ বছৰীয়া পাৰামেডিকেলৰ ছাত্রীগৰাকী। নিশা প্ৰায় ৯.৩০ বজাত দুয়ো দক্ষিণ দিল্লীৰ মুনিৰকাৰ পৰা বাছত উঠিছিল। পৰৱর্তী এক ঘণ্টাত দুয়োৰে জীৱনলৈ ভয়াৱহ বিপৰ্যয় নামি আহে। বাছৰ ভিতৰত তৰুণীগৰাকীক গণধর্ষণ কৰা হয়। চলে অকথ্য অত্যাচার। দুষ্কাৰ্যটোত বাছখনৰ চালকসহ ছজন লোক। তাৰে মাজত নাবালক এটাও আছিল।

নিশা প্ৰায় ১১ বজাত দুয়োকে ক্ষত-বিক্ষত অৱস্থায় উদ্ধাৰ কৰা হয়। শতচ্ছিন্ন দেহৰ কাপোৰ। ৰক্তাক্ত শৰীৰ। ছফদৰজং হাস্পতালত চিকিৎসা আৰম্ভ হয়। সমগ্ৰ দেশজুৰি বনজুইৰ দৰে খবৰটো বিয়পি পৰে। আৰম্ভ হয় প্ৰবল প্ৰতিবাদ। অভূতপূৰ্ব বিক্ষোভ। ক্ষোভ, খঙত যেন দেশখন জ্বলি উঠে।


২ দিন পাছত

১৮ ডিচেম্বৰ – বাছচালক ৰাম সিংহ, তেওংৰ ভাতৃ মুকেশ সিংহৰ লগতে গ্ৰেপ্তাৰ হয় বিনয় শর্মা, পৱন গুপ্ত নামৰ অপৰাধীকেইটা।

৫ দিন পাছত

২১ ডিচেম্বৰ – দিল্লীৰ আনন্দ বিহাৰ বাছ টার্মিনাছৰ পৰা নাবালকটোক গ্ৰেপ্তাৰ কৰা হয়।

চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ’ল, যিমান সম্ভৱ সোনকালে চার্জশ্বীট দাখিল কৰা হ’ব। আদালতত দোষীসকলক সর্বোচ্চ শাস্তি মৃত্যুদণ্ড দিবলৈ আবেদন জনোৱা হ’ব।

৬ দিন পিছত

২২ ডিচেম্বৰ – বিহাৰৰ ঔৰংগাবাদৰ পৰা পৰা আন এজন অপৰাধী অক্ষয় ঠাকুৰক গ্ৰেপ্তাৰ কৰা হয়।

১১ দিন পিছত

২৭ ডিচেম্বৰ – শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটাত নিৰ্ভয়াক ছিংগাপুৰৰ মাউন্ট এলিজাবেথ হাস্পতাললৈ নিয়া হয়।

ইফালে অপৰাধীকেইটাৰ দ্ৰুত বিচাৰ আৰু শাস্তিৰ দাবীত দেশজুৰি প্রতিবাদ-বিক্ষোভ ইমানে তীব্ৰতৰ হৈ পৰে যে সংসদৰ গৃহ বিষয়ক স্থায়ী সমিতিয়ে বৈঠক অনুষ্ঠিত কৰিবলগীয়া হয়। বার্মা কমিটীৰ ছুপাৰিশত পাঁচটা ফাষ্ট ট্রেক আদালত গঠনত দিল্লী হাইক’ৰ্টে সেউজ সংকেত দিয়ে।

১৩ দিন পিছত

২৯ ডিচেম্বৰ – নিয়তিৰ হাতত পৰাজিত হ’ল নিৰ্ভয়া। ছিংগাপুৰৰ হাস্পতালতে নিৰ্ভয়াৰ মৃত্যু হ’ল। বিচাৰ পৰ্ব নেদেখিলে। কোটি কোটি লোকৰ প্ৰাৰ্থনা অথলে গ’ল।


২০১৩

নাৰীৰ সুৰক্ষা আৰু সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰে নির্ভয়া ফাণ্ড। তাত চৰকাৰৰ ফালৰ পৰা ১০০০ কোটি টকা দিয়া হয়।

ক্রিমিনেল ল অর্ডিনেন্স গৃহীত হ’ল। ইয়াত ধর্ষণ কাণ্ডত শাস্তি হিচাপে মৃত্যুদণ্ডৰ কথা সন্নিৱিষ্ট হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰ বৈদেশিক মন্ত্ৰালয়ে সাহসিকতাৰ বাবে নির্ভয়াক মৰণোত্তৰ ইণ্টাৰনেচনেল উইমেন অৱ কাৰেজ বঁটা দিলে।

১৭ দিন পিছত

২ জানুৱাৰী – সুপ্রিম ক’র্টj প্রধান বিচাjপতি আল্টামাছ কবীৰ চাকেতৰ আদালতৰ ধর্ষণ সংক্রান্তীয় প্রথম ফাষ্ট ট্রে আদালতৰ সূচনা হ’ল।

৩ জানুৱাৰী – আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰিলে। ধর্ষণ, খুন, অপহৰণ, প্রমাণ নষ্টৰ অভিযোগসহ একাধিক ধাৰা আৰু নির্ভয়াৰ বন্ধুক হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগত আদালত চার্জ ফ্ৰেম হ’ল।

১৭ জানুৱাৰী – ফাষ্ট ট্ৰেক আদালতত পাঁচ অভিযুক্তৰ বিচাৰ আৰম্ভ হ’ল।

৮৫ দিন পিছত

১১ মার্চ – তিহাৰ কাৰাগাৰত অভিযুক্ত ৰাম সিংহই আত্মহত্যা কৰে।

চাৰে ছমাহ পিছত

৮ জুলাই – শুনানি শেষ। আৰক্ষীৰ সন্মুখত অপৰাধৰ কথা স্বীকাৰ কৰিলেও আদালতত অস্বীকাৰ কৰিলে। চাৰিওৰে অধিবক্তাই দাবী কৰিলে যে আৰক্ষীয়ে বলপূৰ্বক ভাষ্য লিপিবদ্ধ কিছে। কিন্তু নিৰ্ভয়াৰ বন্ধুৰ সাক্য, আঙুলিৰ চাপ, ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন আদি সকলো অভিযুক্তৰ বিৰুদ্ধে যায়।

চাৰে ৮ মাহ পিছত

৩১ অগস্ট – গণধর্ষণ আৰু হত্যাত অভিযুক্ত দোষী সাব্যস্ত হয় নাবালকজন। ঘটনাৰ দিনা নাবালকৰ বয়স ১৮ বছৰৰ তলত থকাত বিচাৰ প্ৰক্ৰিাটো জুভেনাইল জাষ্টিচ ব’ৰ্ডত চলোৱা হয়। বিচাৰত নাবালকজন দোষী সাব্যস্ত হোৱাত তিনি বছৰৰ বাবে হোমলৈ পঠিওৱা হয়। লক্ষণীয় কথাটো হ’ল, আদালতৰ দৃষ্টিত নাবালকজনেই হেনো তৰুণীগৰাকীক সৰ্বাধিক অত্যাচাৰ চলাইছিল।

৯ মাহ পিছত

১৩ ছেপ্টেম্বৰ – বাকী চাৰিজন অভিযুক্তও দোষী সাব্যস্ত হয়। গোচৰটোৰ ৰায় দি বিচাৰক যোগেশ খান্নাই বৰ্বৰ কাণ্ডটোক বিৰলৰ পৰা বিৰলতম বুলি আখ্যা দিয়ে। তেওঁ চাৰিওজনকে মৃত্যুদণ্ডৰ ৰায় দিয়ে। অপৰাধীকেইটাৰ অধিবক্তাৰ আৰ্জি খাৰিজ কৰি বিচাৰক খান্নাই কয়, ঘটনাটোৱে ‘‘ভাৰতবাসীৰ সমৱেত বিবেকক আঘাত কৰিছে। সেয়ে আদালতে চকু মুদি বহি থাকিব নোৱাৰে।’’ পিছত সেই ৰায়ক প্ৰত্যাহ্বান জনাই চাৰিও নৰপিশাচে শাস্তিৰ মাত্ৰা কমোৱাৰ আৰ্জি লৈ নিম্ন আদালতৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ যায়।

২০১৪

১৫ মাহ পিছত

১৩ মার্চ – দিল্লী হাইকর্টৰ বিচাৰপতি ৰেভা ক্ষেত্রপাল আৰু প্রতিভা ৰাণীৰ বেঞ্চে নিম্ন আদালতৰ ৰায় বাহাল ৰাখে।

১৫ মার্চ – উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডত স্থগিতাদেশ দিয়ে।

২০১৫

২ বছৰ ২ দিন পিছত

১৮ ডিচেম্বৰ – নাবালকৰ মুক্তিত স্থগিতাদেশৰ আবেদন খাৰিজ। নাবালকজনে মুক্তি পালে। চিলাই মেচিন কিনি নতুন ভৱিষ্যৎ গঢ়াৰ বাবে ১০ হাজাৰ টকা দিয়া হ’ল।

২২ ডিচেম্বৰ– ৰাজ্যসভাত জুভেনাইল জাষ্টিচ বিল গৃহীত হয়। তাত কোৱা হয় যেল ধর্ষণৰ দৰে অপৰাধৰ ক্ষেত্রত ১৬ বছৰ বয়সৰ ওপৰৰ হ’লে প্রাপ্তবয়স্কৰ সৈতেই বিচাৰ হ’ব।

২০১৬

৩ বছj ৩ মাহ পিছত

৩ এপ্রিল – ১৯ মাহৰ বিৰতিৰ পিছত ছুপ্রিম ক’র্টত ফাষ্ট ট্ৰেক মোডত শুনানি আৰম্ভ কৰে ন্যায়াধীশ দীপক মিশ্র, গোপাল গৌড় আৰু কুৰিয়েন জোছেফৰ আদালতে।

২০১৭

৪ বছৰ ১ মাহ ১৮ দিন পিছত

৩ ফেব্রুৱাৰী – নতুনকৈ শুনানিৰ সিদ্ধান্ত। দোষীৰ অধিবক্তাসকলৰ অভিযোগ আছিল বহু ক্ষেত্রত সঠিক প্রক্রিয়া মানি চলা হোৱা নাই।

৪ বছৰ ৫ মাহ পিছত

৫ মে’ – দিল্লী হাইক’র্টৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে ছুপ্ৰিম ক’র্টে।

একেটা বছৰৰে ডিচেম্বৰত তিনিজন অভিযুক্তই ছুপ্ৰিম ক’ৰ্টৰ ৰায় পুনৰ বিবেচনাৰ আবেদন কৰিলে।

২০১৮

চাৰে ৫ বছৰ পিছত

৯ জুলাই – তিনিও ধর্ষণকাৰী-হত্যাকাৰীৰ শাস্তি পুনৰ বিবেচনাৰ আবেদন খাৰিজ কৰে তদানীন্তন মুখ্য ন্যায়াধীশ দীপক মিশ্র নেতৃত্বাধীন তিনি সদস্যৰ বেঞ্চে।