বৰ্ষা বিপৰ্যয় : তামিলনাডুৰ ৩৬ জিলাত অবৰ্ণনীয় পৰিস্থিতি, ৪জনৰ মৃত্যু



শনিবাৰৰ পৰা হোৱা নেৰেনেপেৰা বৰষুণে

তামিলনাডুৰ ৩৬খন জিলাত চৰম বিপৰ্যয়ৰ সৃষ্টি কৰিছে। ৰাজ্যখনত ইতিমধ্যে চাৰিজন লোকৰ মৃত্যু হৈছে। তদুপৰি প্ৰবল বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত একপ্ৰকাৰ জলপ্ৰলয়ৰ সৃষ্টি হৈছে।


ইফালে, ৰাজ্যখনত ইতিমধ্যে প্ৰায় ১,৫০০ লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। বতৰ বিভাগৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি, ৰাজ্যখনত বিগত ছয় বছৰত এনে পৰিমাণত বৰষুণ হোৱা নাই।


পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিৰুভাল্লুৰ, চেংগালপাটু আৰু কাঞ্চিপুৰমৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে। চৰকাৰী কাৰ্যালয়ও জৰুৰীভাৱে বন্ধ কৰি দিয়াৰ লগতে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীক প্ৰশাসনে ঘৰৰ পৰা কাম কৰিবলৈ অনুৰোধ জনাইছে। ৰাজ্যখনৰ সকলো উপকূলীয় অঞ্চলত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এনডিআৰএফ বাহিনীয়ে। প্ৰতিকুল বতৰৰ বাবে চেন্নাইত ব্যাহত হৈছে ৰে'ল চলাচল।


এই পৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে বৰষুণৰ চেন্নাইৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি তাৎক্ষণিক সাহায্য আৰু জলমগ্ন অঞ্চললৈ খোৱা পানী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। বানগ্ৰস্ত লোকসকলৰ বাবে কোয়েম্বাটুৰ, তিৰুনিলভেলিকে ধৰি কেইবাখনো জিলাত সাহায্য শিবিৰ খোলাৰ লগতে জৰুৰীকালীন ফোন নম্বৰও মুকলি কৰা হৈছে।

10 views0 comments