বিজুতিয়েই বিজুতি : চীনৰ যুদ্ধজাহাজ, সমৰাস্ত্ৰ কিনি ঠগ খালে বাংলাদেশ




চীনৰ সামগ্ৰীৰ গেৰাণ্টী নাই বিশ্বজুৰি কুখ্যাতি এটা আছে। পৃথিৱীৰ বেছিভাগ মানুহৰ চীনৰ সামগ্ৰীৰ ওপৰত ভৰসা নাই। এইবাৰ চীনৰ পৰা কোটি কোটি টকাৰ সমৰাস্ত্ৰ কিনি অনুতাপ কৰিবলগীয়া হৈছে বাংলাদেশ চৰকাৰ। দেশখনে বিগত কিছু বছৰ ধৰি চীনৰ পৰা ক্ৰয় কৰা যুদ্ধজাহাজ আৰু বিমানত ধৰা পৰিছে বহু প্রযুক্তিগত ত্রুটি। তাকে চিন্তিত বাংলাদেশ চৰকাৰ। বাংলাদেশ সেনাৰ সেনাৰ প্ৰযুক্তিবিদে সমস্যাটোৰ সমাধানৰ চেষ্টা চলাই আছে। কিন্তু এতিয়ালৈ কামত অহা নাই।


উল্লেখ্য যে প্রায় এক দশক পূৰ্বে বাংলাদেশৰ নৌ আৰু বিমানবাহিনীৰ আধুনিকীকৰণৰ কাম দ্রুতগতিতে আৰম্ভ হয়। সেই প্রক্রিয়াৰ অংশ হিচাপে ২০১৪ চনক দেশখনে নৌসেনাক বাবে চীনৰ পৰা দুখৱ ব্যৱহৃত টাইপ ০৫৩এইচ২ (জিংঘেই ২ ক্লাছ) ফ্রিগেট ক্ৰয় কৰে। পৰৱৰ্তীকালত টাইপ ০৫৩এইচ৩ (জিয়াংহু ৩ ক্লাছ) ফ্রিগেট দুখন আৰু কিনা হয়। ইয়াৰ পিছত চীনৰ পৰা টাইপ ০৫৬ কর্ভেট দুখন কিনে বাংলাদেশ চৰকাৰে। লগতে কেইবাখনৰ নির্মাণ কাৰ্য চলি আছে। ইয়াৰে ০৫৩এইচ৩ (জিয়াংহু ৩ ক্লাছ) ফ্রিগেট দুখনত নিয়ন্ত্রণ ব্যৱস্থাৰ ত্রুটি ধৰা পৰিছে।যুদ্ধজাহাজ দুখনৰ পৰা হেলিকপ্টাৰ ইন্ধন ভৰোৱাতো সমস্যা দেখা দিছে।



সমস্যা ধৰা পৰিছে চীনা প্রশিক্ষণ বিমান ডায়মন্ড ডিএ-৪০ৰ নিয়ন্ত্রণ ব্যৱস্থাতো। চীনৰ পৰা ক্ৰয় কৰা পাতল যুদ্ধবিমান কাৰাকোৰাম-৮ (কে-৮)-ত অস্ত্র পৰিবহণ আৰু পৰিচালন ব্যৱস্থাও সঠিকভাৱে কাম কৰা নাই বুলি শুকুৰবাৰে প্ৰকাশিত প্ৰতিবেদন এখনত প্ৰকাশ পাইছে। উল্লেখ্য যে বাংলাদেশ বিমানবাহিনীৰ হাতত বর্তমান তিনখন কে-৮ বিমান আছে।


ইপিনে, চীনৰ পৰা কিনা কম দূৰত্বৰ লক্ষ্যৰ ক্ষেপণাস্ত্র প্রতিৰোধী ব্যৱস্থা এফএম৯০ (এইচকিউ৭)ৰ বেটাৰী আৰু আন আন কিছু যন্ত্রাংশত গুৰুতৰ যান্ত্রিক বিসংগতি দেখা দুয়াত সেইবোৰ কার্যতঃ ব্যৱহাৰৰ অযোগ্য হৈ পৰিছে।

15 views0 comments