বিজেপিলৈ আহি জয়ৰ ব্যৱধান বাঢ়িল ৰূপজ্যোতিৰ : মৰিয়নিত কংগ্ৰেছৰ বেলি ডুবিল





মৰিয়নি সমষ্টিত জয়ৰ ধাৰা অব্যাহত আছে। কংগ্ৰেছ এৰি বিজেপিলৈ অহা সত্ত্বেও সমষ্টিটোত তেওঁৰ জনপ্ৰিয়তা কণা নাই। বৰং কেইবাগুণ বৃদ্ধিহে হৈছে। বিজেপিৰ প্ৰাৰ্থী হিচাপে তেওঁ বৃহৎ ব্যৱধানত জয়ী হৈছে।


প্ৰাপ্ত তথ্য অনুসৰি, ৰূপজ্যোতি কুৰ্মীয়ে ৪০,১৩৪টা ভোটত নিকটতম প্ৰতিদ্বন্দ্বীক পিছ পেলাই পুনৰবাৰ দিছপুৰলৈ যাত্ৰা নিশ্চিত কৰিলে। ইয়াৰ পূৰ্বে তেওঁৰ ৫ সহস্ৰাধিকৰ অধিক ব্যৱধানত জয়ী হ'ব পৰা নাছিল। বিজেপিলৈ আহি ৰূপজ্যোতি কুৰ্মীৰ সমৰ্থকৰ পৃথিৱীখন অধিক প্ৰসাৰিত হ'ল আৰু কংগ্ৰেছৰ বাবে নিকট ভৱিষ্যতত সমষ্টিটো পুনৰুদ্ধাৰ কঠিন হৈ পৰিল।

15 views0 comments