বেদখলকাৰীৰ উচ্ছেদ কোনো কাৰণতে বন্ধ নহয় : মুখ্যমন্ত্ৰী শৰ্মা




অসমৰ জাতি মাটি ভেটি ৰ লগত আপোচবিহীন মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৰ দৃষ্টি এইবাৰ মাতব্বৰ ৰ ওপৰত । সন্দেহযুক্ত বাংলাদেশী সকলৰ চৰ্দাৰ জনেই মাতব্বৰ, যাৰ কথাত উঠা বহা কৰে সন্দেহযুক্ত বাংলাদেশী তথা এই সকলৰ লৈ ভোটৰ আশা কৰা ৰাজনৈতিক দলবোৰে ! মাতব্বৰ খুছ্ মানে ভোট ৰ টেনচন নাই ! চৰ চাপৰি অঞ্চলত এই মাতব্বৰ বোৰে কাকো ভ্ৰূক্ষেপ নকৰে । অসমৰ শ শ চৰকাৰী ভুমি আজি মাতব্বৰৰ দখলত । কিছুদিন পূৰ্ৱে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সংবাদমেলত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অবৈধ বেদখলৰ বিৰুদ্ধে ৰাজ্যত চলি থকা উচ্ছেদ অভিযান কোনো কাৰণতে বন্ধ কৰা নহয় । সংবাদমেলখনত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰি শৰ্মাই কয় যে বাঘবৰ, জনীয়া আদি ঠাইত অতি কম দিনৰ ভিতৰত মাটিৰ চাৰ্ভে কৰা হ'ব । তেখেতে কয় যে এই ঠাইবোৰত বহু চৰকাৰী ভূমি আছে আৰু মাতব্বৰে বহু ভূমি নিজৰ দখলত ৰাখিছে । খহনীয়াৰ নাম লৈ চৰকাৰী ভুমিত আশ্ৰয় ললে নচলিব বুলি সকীয়নী দি মুখ্যমন্ত্ৰীয়ে কয় যে মাটিৰ চাৰ্ভে হলে এই মাতব্বৰ বোৰৰ মই মতালি নাথাকিব আৰু দুখীয়া ৰাইজে ভূমি লাভ কৰিব । অসমৰ পৰা এই মাতব্বৰ ব্যৱস্থাক খতম কৰাটো অতি জৰুৰী বুলিও মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে ।

5 views0 comments