বিদায় ২০২১






ক্ষণগণনা কেতিয়াবাই আৰম্ভ হৈছিল। এতিয়া শুভক্ষণৰ অপেক্ষাহে মাথোঁ। টিক টিককৈ সুষম গতিত গৈ থকা ঘড়ীৰ কাঁটাডালে কেতিয়া নিশা ১২ বজাৰ গৃহত প্ৰৱেশ কৰিব আৰু আমি সকলোৱে সীমাহীন আনন্দ, গভীৰ প্ৰত্যাশাৰে কৈ উঠিম-শুভ নৱবৰ্ষ।

চাওতে চাওতে বছৰটো বাগৰিল। আৰু কেইটামান মুহূৰ্তৰ পিছতে অতীত হৈ পৰিব ২০২১ বৰ্ষটো। এয়াই বিধি। এয়াই সময়ৰ নিয়ম। ই নৈৰ দৰে। উভতি নবয়। কাৰো বাবে ৰৈও নাথাকে। মাথোঁ গৈ থাকে। আমি দিন-বাৰ, মাহ-বছৰৰ জোখত ইয়াক নিজৰ মাজত ধৰি ৰাখোঁ। দিনবোৰ পাৰ হয়, মাহে বাগৰ সলায়, বছৰে কেলেণ্ডাৰৰ পৃষ্ঠা সলায়। এইদৰে সময় গৈ থাকে। আমি দিন, মাহ, বছৰৰ হিচাপত খান্দি খান্দি এৰি অহা সময়লৈ উভতি যাওঁ। তাৰ পৰা প্ৰেৰণা লওঁ। শিক্ষা লওঁ।ভাল ভাল কথাবোৰ হাতৰ মুঠিত লৈ সমাগত দিনবোৰলৈ আগুৱাই যাওঁ।

সন্মুখত ২০২২ চন। হাতত ২০২১ চনৰ শেষ দিনটো। দিনটো দুটা বছৰৰ সন্ধিক্ষণৰ। এফালে বিদায়ৰ বেদনা, আনফালে নতুন দিনত খোজ দিয়াৰ ৰমন্যাস। ২০২১ চনৰ প্ৰতিটো দিন হয়তো সকলোৰে বাবে সুখকৰ হৈ থকা নাছিল। জীৱনো এনেকুৱাই। সুখ-দুখৰ সংমিশ্ৰণ। সন্মুখৰ বছৰটোৰ প্ৰতিটো দিন ভাল দিনৰ প্ৰাৰ্থনা হওক। সংকল্প হওক। ২০২১ চনে নিদিয়া বা দিব নোৱাৰা ভাল ভালবোৰ যাতে ২০২২ চনে দুহাতত তুলি দিয়ে, তাৰ বাবে আজিৰ দিনটো এটা নিৰ্মল প্ৰাৰ্থনা হৈ উঠক। ২০২১ চনে অসম তথা দেশবাসীক বহু দিলে। বহু নিলে। কৰোনাই নিলে। দুৰ্ঘটনাই নিলে। বান-খৰাঙে নিলে। অনাগত বছৰটোত তেনে দুৰ্যোগৰ যেন আমি কোনেও সন্মুখীন হ’ব নালাগে। বছৰটোৱে আমাক দিলেও বহু। ভাগি পৰা অৰ্থনীতিৰ পুনৰুত্থানো বছৰটোৰে দান। বছৰটোক নীৰজ চোপ্ৰা, ছানু, লাভলীনাই স্মৰণীয় কৰি দিছে। হৰনাজ সিন্ধুৱে ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপেৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছে। ২০২১ চনতে অসমে এখন নতুন আৰু গতিশীল চৰকাৰ পালে। ড্ৰাগছ, সুৰা, মাফিয়াৰ বিৰুদ্ধে সাহস আৰু দৃঢ়তাৰে যুঁজ দিয়া চৰকাৰ এখন পালে। বেদখলকাৰীক ৰঙাচকু দেখুওৱা চৰকাৰ এখন পালে। পথ দুৰ্ঘটনা ৰোধক মিছন হিচাপে লোৱা, দুৰ্নীতিক পুলিয়ে-পোখাই উৎখাত কৰিব বিচৰা চৰকাৰখন পালে। লগতে পালে এক লাখক নিযুক্তিৰ প্ৰতিশ্ৰুতি। বছৰটোত অসমৰ কেইবাখনো চিনেমাই বিশ্বজোৰা খ্যাতি অৰ্জন কৰিলে। লাভলীনাই অলিম্পিকক পদক পালে। ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান আঁজুৰি আনিলে। বছৰটোৱে যিমান নিলে ততোধিক আমাক দিলে। নৱবৰ্ষটো ইয়াতকৈ অধিক সাফল্য আৰু সুখৰ হওক। দেশখন উন্নতিৰ শিখৰত উঠক। অসমৰ বিকাশ দেশবাসীৰ বাবে ঈৰ্ষণীয় হৈ পৰক। আপোনাৰ-মোৰ সকলোৱে দিনবোৰ আশা কৰাৰ দৰে হৈ উঠক। এটা বছৰৰ বিদায় বেলাত এটা বছৰৰ শুভকামনাৰে মনবোৰ প্ৰজ্বলিত হৈ উঠক।

3 views0 comments