বিপিন ৰাৱাট : অসমত ইউডিএফৰ উত্থানক দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি কোৱাজনলৈ শেষ বিদায়




বিপিন ৰাৱাট। এটা হেলিকপ্টাৰ দুৰ্ঘটনাত ১১গৰাকী সেনা বিষয়া-জোৱান আৰু পত্নীৰ সৈতে এইখন পৃথিৱীক চিৰবিদায় জনাই অজানা দেশলৈ গুচি যোৱা জেনেৰেলজনৰ নাম বিপিন ৰাৱাট। অসমত এআইইউডিএফৰ উত্থানক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকি বুলি কোৱা মানুহজনৰ নাম বিপিন ৰাৱাট। তেওঁৰ মৃত্যুত আজি সমগ্ৰ দেশ শোকাচ্ছন্ন। জেনেৰেলজনৰ অন্তিম যাত্ৰা দিল্লীৰ ৰাজপথত ইতিমধ্যে আৰম্ভ হৈছে। দিল্লীৰ কামৰাজ মাৰ্গস্থিত বাসভৱনৰ পৰা তেওঁৰ নশ্চৰদেহ অন্তিমযাত্ৰালৈ ৰাওমা হৈছে। যাত্ৰাপথত অগণন লোকে জেনেৰেলগৰাকীলৈ শেষ শ্ৰদ্ধা জনায়। দেশৰ প্ৰথমগৰাকী চিটিএছক বাসগৃহতো অগণন লোকে অন্তিম শ্ৰদ্ধা জনাইছিল। ভাৰতৰ ইতিহাসত এনেদৰে সেনা বিষয়া এগৰাকীক জনসাধাৰণে অন্তিম শ্ৰদ্ধা জনাবলৈ হিল দল ভাঙি ওলাই অহাৰ নজিৰ পাবলৈ নাই। এয়াই বিপিন ৰাৱাট। দেশৰ কোটি কোটি লোকৰ হৃদয়ত নিজৰ বাবে শ্ৰদ্ধা আৰু সন্মান তথা আস্থাৰ এডোখৰ ভূমি গঢ়ি লবলৈ সক্ষম হৈছিল। জেনেৰেল ৰাৱাটৰ অন্তিম যাত্ৰাটোত জনগণে ভাৰত মাতা কি জয়, বন্দে মাতৰম ধ্বনি দি দিল্লীৰ ৰাজপথত অনন্য পৰিৱেশৰ সৃষ্টি কৰে। আজিৰ দিনটোত তেওঁক গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিংকে ধৰি বহুজন মন্ত্ৰী-ৰাজনৈতিক নেতাই শেষ শ্ৰদ্ধা জনায়। কিন্তু জেনেৰেলজনক জনগণে হাতে হাতে জাতীয় পতাকা লৈ জনোৱা দৃশ্যটো আছিল অনন্য। বহু পৰিয়ালৰ লোকে নিজৰ নিজৰ শিশু সন্তানক লগত লৈ জেনেৰেল ৰাৱাটক শ্ৰদ্ধা জনাবলৈ আহে। ইয়ে তৰ্কাতীতভাৱে প্ৰতিপন্ন কৰে যে জেনেৰেল বিপ্ন ৰাৱাট আছিল জনসাধাৰণৰ জেনেৰেল।


#বিপিন ৰাৱাটৰ জীৱন পৰিক্ৰমা

২০১৯ চনত দেশৰ প্ৰথমগৰাকী চিফ অফ ডিফেন্স স্টাফ (চিডিএছ) হিচাপে নিযুক্ত জেনেৰেল ৰাৱাটে ইয়াৰ পূৰ্বে ভাৰতৰ ১০ লাখ সেনাৰে সমৃদ্ধিশালী আৰু শক্তিশালী সেনাবাহিনীৰ প্রধান হিচাপে দায়িত্ব পালন কৰিছিল। প্রায় ৬৩ বছৰ বয়সীয়া ৰাৱাটে এৰি অহা দিনত এজন কঠোৰ সেনা নেতা আৰু অনুপ্রেৰণাদায়ক কমাণ্ডাৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল। জেনেৰেল ৰাৱাটৰ ১৯৫৮ চনৰ ১৬ মার্চত উত্তৰাখণ্ডৰ এটা গাঢ়োৱালী ৰাজ পৰিয়ালত জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল ভাৰতীয় সেনাৰ লেফটেনেণ্ট। মাতৃ আছিল এগৰাকী ৰাজনীতিকৰ কন্যা।

সামৰিক প্রশিক্ষণৰ সময়ত শ্ৰেষ্ঠ ছাত্র হিচাপে জেনেৰেল ৰাৱাটক নেচনেল ডিফেন্স এণ্ড ইণ্ডিান মিলিটেৰী একাডেমীত ‘চ’র্ড অৱ অনাৰ’ পুৰষ্কাৰ দিয়া হৈছিল। তদুপৰি, তেওঁ মার্কিন যুক্তৰাষ্ট্রৰ আৰ্মী কমান্ড এণ্ড কেনছাছৰ ফোর্ট লিভেনয়ার্থত জেনেৰেল ষ্টাফ কলেজতো প্রশিক্ষণ কোর্ছ সম্পূৰ্ণ কৰিছিল। তেওঁ ১৯৭৮ চনত তনিজ পিতৃৰ সামৰিক ইউনিট ১১নং গোর্খা ৰাইফলছত যোগদান কৰে। ইয়াৰ পিছত তেওঁ সেনাবাহিনীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত সেৱা কৰে।

জেনেৰেল ৰাৱাটে সেনা জীৱনৰ বেছিভাগ সময় দেশখনৰ অশান্ত অঞ্চলত কটাই সেনাক নেতৃত্ব দিছিল। জম্মু আৰু কাশ্মীৰত তেওঁ কৰ্মজীৱনৰ বৃহৎ অংশ এটা কটাই আহিছে।

১৯৮০ৰ দশকত চীনৰ সৈতে সামৰিক উত্তেজনাৰ সময়ত অৰুণাচল প্রদেশৰ প্রকৃত নিয়ন্ত্রণ ৰেখা অঞ্চলত দায়িত্ব পালন কৰিছিল। সেনাবাহিনীৰ এজন কর্নেল হিচাপে জেনেৰেল ৰাৱাটে নিজৰ বেটেলিয়নক নেতৃত্ব দিছিল।

২০১৫ চনত যেতিয়া সেনাৰ ৩ কর্পছৰ দায়িত্বত আছিল, জেনেৰেল ৰাৱাটে ভিন দেশৰ মাটিত ভাৰতৰ প্রথম আনুষ্ঠানিক ছাৰ্জিকেল ষ্টাইক আৰম্ভ কৰিছিল। তেওঁ ভাৰতীয় সেনাৰ ওপৰত চলোৱা অতর্কিত আক্ৰমণৰ প্ৰত্যুত্তৰত ম্যানমাৰত নগা বিদ্ৰোহীৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল। একেটা বছৰতে তেওঁ নাগালেণ্ডত সংঘটিত হেলিপ্টাৰ দুৰ্ঘটনা এটাত পতিত হৈ কথপমি ৰক্ষা পৰিছিল।

২০১৬ চনত তেওঁ ভাৰতৰ ২৭সংখ্যক (স্থল) সেনাপ্রধান হিচাপে দায়িত্ব গ্রহণ কৰে। দুজন জ্যেষ্ঠ বিষয়াক চেৰ পেলাই ৰাৱাটে সেই পদ লাভ কৰে। পৰৱৰ্তী

জেনেৰেল ৰাৱাটৰ ২০১৯ চনৰ ৩১ ডিচেম্বৰত স্থলসেনা প্রধানৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল। তাৰে এদিন পূৰ্বে মোদী চৰকাৰে তেওঁ দেশৰ প্ৰথমজন চিডিএছ হিচাপে নিযুক্তি দিয়ে। বছৰটোত কেন্দ্ৰীয় চৰকাৰে সেনাৰ তিনিওটা শাখাৰ মাজত সমন্বয় সৃষ্টিৰ উদ্দেশ্যে চিডিএছ পদটো সৃষ্টি কৰে।

ৰাৱাটে এবাৰ অসমত এআইইউডিএফৰ উত্থানক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি বুলি ব্যাখ্যা কৰিছিল।

32 views0 comments