বিবাহৰ দুমাহহে হৈছিল : কাছাৰত পত্নীক ঘপিয়াই স্বামীৰ আত্মহত্যা





কাছাৰ জিলাৰ ধলাই থানাৰ অন্তৰ্গত পানীভৰাত সংঘটিত হৈছে এটা ভয়াৱহ কাণ্ড। মাথোঁ দুমাহ পূৰ্বে বিবাহ কৰা পত্নীক দাৰে ঘপিয়াই আত্মহত্যা কৰে পতিয়ে। পতিৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত মহিলাগৰাকীক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।


নৱবিবাহিত দম্পতীটোৰ জীৱনলৈ এনে নাৰকীয় দিন কিয় আহিল, সেয়া জানিব পৰা হোৱা নাই। কিন্তু প্ৰতিৱেশী একাংশৰ মতে বিবাহৰ কেইদিনমান পিছৰে পৰা অৰ্জুন ভূমিজ আৰু পূজা ভূমিজৰ মাজত পাৰিবাৰিক সংঘাত আৰম্ভ হয়। যোৱানিশা ই চূড়ান্ত পৰ্যায়ত উপনীত হয়। অৰ্জুনে চোকা দাৰে পত্নীক ঘপিয়ায়। পিছত নিজে চিপ লৈ আত্মহত্যা কৰে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাৰ ঘুৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰা হৈছে।

3 views0 comments