বিবাহৰ পাছত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰাৰ বাবেই কেৰেলাত দলিত সম্প্ৰদায়ৰ পুৰুষক প্ৰহাৰ





কেৱলমাত্ৰ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰাৰ বাবেই বিয়াৰ দুদিন পাছতেই পত্নীৰ ককায়েকৰ প্ৰহাৰৰ বলি হ'ল এজন দলিত লোক । পুলিচৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, অভিযোগটো গ্ৰহণ কৰাৰ পাছতেই এই সন্দৰ্ভত অনুসূচীত জাতি আৰু জনজাতি (নৃশংসতাত বাধা) আইনৰ অধীনত এখন এফআইআৰ দাখিল কৰা হৈছে । জানিব পৰামতে মিঠুন কৃষ্ণ নামৰ দলিত লোকজনে দীপ্তি নামৰ খ্ৰীষ্টানধৰ্মী যুৱতীগৰাকীৰ সৈতে যোৱা ২৯ অক্টোবৰত বিবাহপাশত আৱদ্ধ হৈছিল । তাৰ দুদিন পিছতে, ৩১ অক্টোবৰৰ দিনা পেছাত ডাক্তৰ দীপ্তিৰ ককায়েকে খ্ৰীষ্টানধৰ্ম গ্ৰহণ নকৰাৰ বাবে কৃষ্ণক প্ৰহাৰ কৰে । স্থানীয় মিডিয়াই এই ঘটনাটোৰ চিচিটিভি ভিডিঅ' ফুটেজ প্ৰচাৰ কৰাৰ পিছত ঘটনাটো পোহৰলৈ আহে । ঘটনাটোৰ পাছত সম্প্ৰতি দীপ্তিৰ ককায়েক পলাতক অৱস্থাত আছে আৰু পুলিচে তেওঁৰ বিচাৰ-খোচাৰ আৰম্ভ কৰিছে ।আনহাতে কেৰেলাৰ বামপন্থী চৰকাৰৰ অধীনৰ চিৰয়িংকিজু আৰক্ষী থানাৰ এজন বিষয়াই ঘটনাটোক বিকৃত কৰাৰ চেষ্টা চলায় । তেও কয় যে কৃষ্ণৰ পক্ষৰ কোনোবা এজনে দীপ্তিৰ মাকক বেয়া ভাষাত কথা কোৱা বাবে ঘটনাটো ঘটিছিল । সি যি কি নহওঁক, দম্পত্তিহালে নিজৰ অভিযোগত কৈছে যে খ্ৰীষ্টানধৰ্মলৈ পৰিৱৰ্তিত নোহোৱা বাবে কৃষ্ণৰ পৰিয়ালক মাৰপিত কৰা হৈছিল । জানিব পৰামতে দম্পত্তিহালে মন্দিৰত বিবাহ সম্পন্ন কৰিছিল আৰু সেই সময়তে দীপ্তিৰ দেউতাকে পুলিচ থানাত দীপ্তি নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰিছিল । পিছত থানালৈ দম্পত্তিহালক অনাৰ পিছত দীপ্তিৰ দেউতাকে ৰীতিনীতি মতে বিবাহ সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল । তাৰ পাছত দীপ্তিৰ মাকৰ লগত তেওঁলোকৰ ঘৰলৈ এইবিষয়ে আলোচনা কৰিবলৈ দম্পত্তিহাল যোৱাৰ পাছত এই ঘটনাটো ঘটে ।

9 views0 comments