ব্যাপক টিকাকৰণৰ সত্ত্বেও কৰোনা সংক্ৰমণৰ কেন্দ্ৰ হৈয়েই আছে ইউৰোপ




টিকাকৰণ সত্ত্বেও ইউৰোপ কৰোনাৰ কেন্দ্ৰ হৈয়েই আছে। এই তথ্য বিশ্ব স্বাস্থ্য সংস্থা (who)ৰ। সংস্থাৰ শীৰ্ষ অধিকাৰীয়ে এই সন্দৰ্ভত কয় যে যোৱা মাহত ইউৰোপত কৰোনাৰ সংক্ৰমণ ৫০ শতাংশ বৃদ্ধি পাইছে।অথচ ইউৰোপত ব্যাপক হাৰত টিকাকৰণ হৈছে। আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা সতৰ্কবাণী শুনাই লগতে কোৱা হৈছে যে

অনাগত কেইটামান সপ্তাহত ইউৰোপ আৰু মধ্য এছিয়াৰ ৫৩খন ৰাষ্ট্ৰই কৰোনাৰ পুনৰুত্থানৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। who-ই ৰাষ্ট্ৰখনত পুনৰ এটা লহৰৰ সম্ভাৱনা দেখিবলৈ পাইছে।



Whoৰ জৰুৰীকালীন পৰিস্থিতি শাখাৰ মুৰব্বী মাইকেল ৰয়ানে বৃহস্পতিবাৰে এখন সংবাদ মেলত কয় যে বিভিন্ন ধৰণৰ ভেকচিন উপলব্ধ যদিও সকলোৰে ফল সমান নহয়। তেওঁ টিকাকৰণৰ মাজত ৰখা ব্যৱধান আঁতৰাবলৈ ইউৰোপীয় ইউনিয়নৰ নেতৃত্বলৈ আহ্বান জনায়।

5 views0 comments