বাংলাদেশৰ নিৰ্যাতিত হিন্দুৰ হৈ মাত মতাৰ বাবে ফেচবুকত নিষিদ্ধ হ'ল তছলিমা নাচৰিন




বাংলাদেশত নিৰ্যাতিত হিন্দুৰ সপক্ষে মাত মতাৰ বাবে ফেচবুকত নিষিদ্ধ হ'ল বাংলাদেশ মূলৰ প্ৰখ্যাত লেখিকা তছলিমা নাচৰিণ। তেওঁৰ ফেচবুক একাউণ্টটো এসপ্তাহৰ বাবে নিলম্বন কৰা হয়।




বিষয়টোত নাছৰিনে কয় যে একাংশ জেহাদীয়ে বাৰম্বাৰ ৰিপ’ৰ্ট কৰাৰ বাবেই তেওঁৰ একাউণ্টটো ব্লক হয়। আনহাতে, লেখিকাগৰাকীয়ে টুইটাৰত ক্ষোভ প্ৰকাশ কৰি কয়, ‘বাংলাদেশৰ সত্য কথা লিখাৰ অপৰাধত মোক ফেচবুকে সাতদিনৰ বাবে নিষিদ্ধ কৰিলে। ফেচবুকে জেহাদীৰ কথা শুনি মোৰ দৰে মানৱধিকাৰ কৰ্মী এগৰাকীক বাৰম্বাৰ নিষিদ্ধ কৰিছে।

4 views0 comments