বিশ্বজুৰি ব্যৱহাৰযোগ্য হ'ল কোভেক্সিন : বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী অনুমোদন





ভাৰতীয়সকলৰ বাবে গৌৰৱৰ বতৰা । অৱশেষত বিশ্ব স্বাস্থ্য সংস্থাই স্বীকৃতি দিলে ভাৰতৰ থলুৱাভাৱে নিৰ্মিত কোভিড প্ৰতিষেধক 'কোভেক্সিন'ক । মহামাৰীৰ বিৰুদ্ধে যুঁজত কোভেক্সিনৰ কাৰ্য্যকাৰিতা ৭৮% বুলি এক টুইটযোগে উল্লেখ কৰি সংস্থাটোৱে কয় যে নিম্ন আৰু মধ্য আয়ৰ দেশবোৰৰ বাবে এই প্ৰতিষেধকবিধ এক অন্যতম উপযোগী প্ৰতিষেধক কাৰণ ইয়াক সহজে মজুত কৰি ৰাখিব পাৰি । উল্লেখ্য যে সংস্থাটোৱে অনুমোদন নিদিয়াক লৈ দীৰ্ঘদিন চৰ্চিত এই প্ৰতিষেধকটোক অৱশ্যে অষ্ট্ৰেলিয়া আৰু গায়েনাই ইতিমধ্যেই স্বীকৃতি দিছে । কোভেক্সিনৰ অনুমোদনৰ বাবে ভাৰতীয় বায়'টেকে যোৱা এপ্ৰিল মাহতেই আবেদন দাখিল কৰিছিল যদিও যোৱা ২৪ অক্টোবৰত সংস্থাটোৰ কাৰিকৰী পৰামৰ্শদাতা গ্ৰুপে ভাৰত বায়'টেকৰ পৰা 'অতিৰিক্ত স্পষ্টীকৰণ' বিচাৰিছিল । এই অনুমোদনত হোৱা বিলম্বৰ বাবে কোভেক্সিন গ্ৰহণ কৰা ভাৰতীয় নাগৰিকসকল বিদেশলৈ যোৱাৰ ক্ষেত্ৰত সমস্যা আহি পৰিছিল । কিন্তু এতিয়া প্ৰতিষেধকটোৱে এই জৰুৰী অনুমোদন পোৱাৰ লগে লগেই সেই সমস্যা আঁতৰ হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতিয়ে প্ৰতিষেধকটোক গোটেই বিশ্বতে ব্যৱহাৰযোগ্য কৰি তুলিছে । সংস্থাটোৰ সঞ্চালক প্ৰধান ট্ৰেডছ আধানোম ঘেব্ৰেয়াছাছে কয় যে কোভিডৰ বিৰুদ্ধে যুঁজত অধিক প্ৰতিষেধক লাভ কৰাটো এক আশাৰ খবৰ । ইফালে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াই বিশ্ব স্বাস্থ্য সংস্থাক ধন্যবাদ জনোৱাৰ লগতে ভাৰত বায়'টেক আৰু আই চি এম আৰৰ বিজ্ঞানীসকলক অভিনন্দন জ্ঞাপন কৰে ।

4 views0 comments