বিশ্বত্ৰাস অমাইক্ৰন আহি অসম পালেহি কিন্তু?





বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা অমাইক্ৰন আহি অসম পালে। সোণাপুৰৰ এজন কিশোৰৰ দেহত পোৱা গৈছে কৰোনাৰ নতুন প্ৰজাতিটো। কিশোৰজনৰ নাম ৰোহন দীস। বয়স ১৩ বছৰ। কিন্তু?


ৰোহনৰ পিতৃ-মাতৃ সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাৰাতীয়া হিচাপে থাকে। পিতৃ মুন্না দাস কৰ্মসূত্ৰে মুম্বাইৰ বাসিন্দা। পৰিয়ালটো কিছু দিন পুৰ্বে মেঘালয়লৈ গৈছিল। আৰু যোৱা ২১ ডিছেম্বৰত মেঘালয়ত ক'ভিড -১৯ পৰীক্ষা কৰাত ৰোহন অমাইক্ৰন সংক্ৰমিত বুলি ধৰা পৰে। ইয়াৰ পাছত পৰিয়ালটো সোণাপুৰৰ মৈৰাকুছিস্থিত ভাৰাঘৰলৈ আহে।

আশ্ৰয় লয়। ইফালে, ৰোহন অমাইক্ৰন পজিটিভ হোৱা বুলি তথ্য লাভ কৰি ভাৰাঘৰটোত চিকিৎসা কৰ্মীৰ লগতে সোণাপুৰ আৰক্ষী উপস্থিত হয় যদিও ৰোহনক নাপালে। অমাইক্ৰন সংক্ৰমিত হোৱা বুলি জনাৰ পিছতো কিশোৰজনে চিকিৎসাকৰ্মীক যোগাযোগ নকৰি পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ৰোহনৰ সন্ধান চলাই আছে।

2 views0 comments