বিশ্বমঞ্চত মোদীৰ প্ৰতিশ্ৰুতি : ২০৭০ৰ ভিতৰত ভাৰতত শূন্য হ'ব কাৰ্বনৰ নিৰ্গমন





ব্যাপক ঔদ্যোগীকৰণে প্ৰগতিৰ ৰথখনক গতি দিলেও মানৱ সভ্যতাৰ বাবে কঢ়িয়াই আনে বহু ন ন সংকট আৰু সমস্যা। তাৰে ভিতৰত অন্যতম গোলকীয় উষ্ণতা বৃদ্ধি। এখন দায়িত্বশীল ৰাষ্ট্ৰ হিচাপে ভাৰতে এইক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিবলৈ সদায়েই দায়বদ্ধ। গ্লাছগ'ত চলি থকা জলবায়ু সন্মিলনত ভাৰতে সীমাবদ্ধতাৰ মাজতো বিশ্ববাসীক নিজৰ দায়বদ্ধতাক উজাগৰ কৰি বিশ্বৰ আন আন ৰাষ্ট্ৰৰ বাবে এটা অনুকৰণীয় বাট দেখুৱাই দিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৭০ চনৰ ভিতৰত ভাৰতে কাৰ্বন নিৰ্গমন শূন্য কৰাৰ প্ৰতিশ্ৰুতি দিলে। তেওঁ সন্মিলনত 'অমৃত তত্ত্ব' নামেৰে পাঁচটা প্ৰতিশ্ৰুতি প্ৰদান কৰে। প্ৰতিশ্ৰুতি ৫টাৰ এইটোও এটা। সন্মিলনত সোমবাৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট প্ৰচেষ্ট হাতত লৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।


প্ৰধানমন্ত্ৰী মোদীয়ে ২০৩০ চনৰ ভিতৰত ভাৰতে ৫০ শতাংশ শক্তি নবীকৰণযোগ্য শক্তিৰ উৎসৰ পৰা আহৰণ কৰাৰ লগতে ভাৰতে ২০৩০ চনলৈকে কাৰ্বন নিৰ্গমন এক বিলিয়ন টন হ্ৰাস কৰাৰো পৰিকল্পনা হাতত লৈছে বুলি জানিবলৈ দিয়ে।


নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদন কৰাৰো পৰিকল্পনা হাতত লৈছে।



উল্লেখ্য যে, দিনক-দিনে পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ নেতাসকলে গ্লাছগ'ত অনুষ্ঠিত সন্মিলনত বিশ্বৰ উষ্ণতা বৃদ্ধি ১.৫ ডিগ্ৰীলৈ সীমিত কৰাৰ লগতে ২০৫০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্যলৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে।

5 views0 comments