বিশেষ ছুটী : পিত-মাতৃ, শহুৰ-শাহুৰ ঘৰলৈ গ’ল অসমৰ লাখ লাখ কৰ্মচাৰী



আজিৰে পৰা চাৰি দিনলৈ কৰ্তব্যত নাথাকিব ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰী। ইয়াৰ বিপৰীতে তেওঁলোকে আজি আৰু কাইলৈ পিতৃ-মাতৃ অথবা শহুৰ-শাহুৰ কাষলৈ গৈ সময় কটাব লাগিব। দিন দুটাক বিশেষ নৈমিত্তিক ছুটী হিচাপে ৰাজ্য চৰকাৰে অনুমোদ দিছে। আনহাতে, বাকী দুদিন মাহৰ দ্বিতীয় শনিবাৰ আৰু দেওবাৰ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। ইফালে, প্রাথমিক আৰু উচ্চতমৰ মাধ্যমিক বিদ্যালয়সমূহৰ শিক্ষকৰ বাবে ৬ আৰু ৭ জানুৱাৰীৰ পৰিৱৰ্তে ১২ আৰু ১৩ জানুৱাৰীৰ দিন দুটা বিশেষ ছুটী হিচাপে ঘোষণা কৰা হৈছে। অৰ্থাৎ দিন দুটাত শিক্ষকসকলে পিতৃ-মাতৃ অথবা শহুৰ-শাহুৰ কাষলৈ যাব লাগিব।

উল্লেখ্য যে অসমৰ ইতিহাসত প্ৰথমবাৰলৈ ৰাজ্য চৰকাৰে এইদৰে পিতৃ-মাতৃৰ কাষলৈ কৰ্মচাৰীক বিশেষ ছুটীৰ দিহা কৰি পঠিওৱাৰ দিহা কৰিছে। ইয়ে ৰাজ্যখনত চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিত যোগাত্মক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। বিশেষকৈ পিতৃ-মাতৃ আু শহুৰ-শাহুৰ পৰা আঁতৰত থাকি চাকৰি কৰা কৰ্মচাৰীৰ বাবে দিন দুটা আশীৰ্বাদস্বৰূপ হৈ পৰিছে। তেওঁলোকে ব্যস্ততাপূৰ্ণ চাকৰি জীৱনৰ পৰা ৪৮ ঘণ্টা আহৰি পাব মাথোঁ পিতৃ-মাতৃ অথবা শহুৰ-শাহুৰ কাষত থাকিবলৈ। সময়ছোৱাত পিতৃ-মাতৃক সেৱা-পৰিচৰ্যা কৰাৰ সুযোগ পাব। ইয়ে পাৰিবাৰিক বন্ধনো শক্তিশালী কৰিব। নিজ পিতৃ-মাতৃৰ লগত কিছু সময় অতিবাহিত কৰিবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ছুটী দিয়া হৈছে। যিসকল কৰ্মচাৰীৰ পিতৃ-মাতৃ জীৱিত হৈ আছে, অথবা শহুৰ-শাহু জীৱিত হৈ আছে তেওঁলোকক এই ছুটী মঞ্জুৰ কৰা হৈছে।

ইফালে ৮ আৰু ৯ জানুৱাৰী ক্ৰমে মাহৰ দ্বিতীয় শনিবাৰ আৰু দেওবাৰ হোৱা হেতু চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। অৰ্থাৎ কর্মচাৰীসকলে একেলগে চাৰি দিন বন্ধ লাভ কৰিব। আনহাতে, প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ বাবে চৰকাৰে ৬ আৰু ৭ জানুৱাৰীৰ বিপৰীতে ভোগালী বিহুৰ সৈতে মিলাই বিশেষ ছুটীৰ দিন দুটা ১২ জানুৱাৰী আৰু ১৩ জানুৱাৰীলৈ পিছুৱাই দিছে। বিহুৰ সময়ত যাতে পৰিয়ালৰ সৈতে কটাব পাৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়াই জাৰি কৰিছে জাননী।

ইপিনে, বিশেষ ছুটী লাভ কৰা কৰ্মচাৰীসকলে নিৰ্দিষ্ট প’ৰ্টেলত পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ ফটো আপলোড কৰিব লাগিব। ৰাজ্যৰ মন্ত্ৰী, বিধায়কৰ পৰা চতুৰ্থ বৰ্গলৈকে সকলো কৰ্মচাৰীয়ে এই ছুটী লাভ কৰিব। ইফালে জৰুৰীকালীন সেৱাৰ লগতে জড়িত কৰ্মচাৰীসকলে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে এই ছুটী ল’ব পাৰিব।

4 views0 comments