ভেকচিনৰ পাৰস্পৰিক স্বীকৃতি : ৯৬ খন দেশৰ মাজত সুচল হ'ব সংযোগ ব্যৱস্থা





গোটেই বিশ্বজুৰি ৯৬ খনকৈ দেশে ভাৰতৰ কোভিড ভেকচিন আৰু ভেকচিন প্ৰগ্ৰেমৰ পাৰস্পৰিক গ্ৰহণক সন্মতি প্ৰদান কৰিছে । স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়ে জনোৱা মতে কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিকভাৱে গোটেই বিশ্বৰ সংস্পৰ্শত আছে যাতে এই পৃথিৱীৰ ভিতৰত বৃহত্তম কোভিড টীকাকৰণ প্ৰগ্ৰেমৰ সুবিধা পৃথিৱীৰ বিভিন্ন কোণৰ সুবিধাপ্ৰাপ্ত সকলক চিনাক্ত আৰু গ্ৰহণ কৰিব পৰা যায় । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াই কয় যে এই সন্মতিয়ে শিক্ষা, ব্যৱসায় আৰু পৰ্যটন উদ্দেশ্যক সহজ কৰি তুলিব । মন্ত্ৰালয়ৰ বক্তব্য অনুসৰি এই ৯৬ খন দেশে ইখনে আনখনৰ ভেকচিন প্ৰমানপত্ৰ গ্ৰহণ কৰিব আৰু এই দেশবোৰৰ ভিতৰত কিছু বিশেষ শিথিলতা থাকিব । উল্লেখ্য যে বিদেশ মন্ত্ৰালয়ৰ লগতে স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়ো বিশ্বৰ দেশবোৰৰ সৈতে নিৰন্তৰ সংস্পৰ্শত আছে যাতে ভেকচিনৰ আন্তঃৰাষ্ট্ৰীয় পৰিবহনক সুচল কৰিব পৰা যায় । আনহাতে, স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি ভাৰতৰ কোভিড-১৯ ভেকচিন প্ৰগ্ৰেমে ইতিমধ্যে ১০৮ কোটিৰ ঘৰ অতিক্ৰম কৰিছে ।

4 views0 comments