ভেকচিন সপ্তাহ : অসমত ঘৰে ঘৰে যাব মুখ্যমন্ত্ৰী-মন্ত্ৰী, আমোলা-বিষয়া




অসমৰ ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ প্রতি গৰাকী লোকক ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে গুণোৎসৱৰ আর্হিত অহা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ সপ্তাহজোৰা কার্যসূচীৰে মেগা ভেকচিন সপ্তাহ অনুষ্ঠিত কৰিব৷ ইতিমধ্যে এই সংক্ৰান্তত ৰাজ্যিক কেবিনেটত সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। প্ৰতিটো ভোটকেন্দ্রৰ ভোটাৰ তালিকাক বিপৰীতে মেগা ভেকচিন সপ্তাহটো চলিব৷ ইয়াৰ বাবে প্রতিটো ভোটগ্রহণ কেন্দ্র এটা ইউনিট হিচাপে লোৱা হ'ব। ২২-২৯ নৱেম্বৰলৈ এটাকৈ টীম ঘৰে ঘৰে গৈ পৰিয়ালটোত কোন কোন লোক ভেকচিন ল’বলৈ বাকী আছে, কি কাৰণত ল’ব পৰা নাই, সকলো তথ্য সংগ্রহ কৰিব৷ মুখ্যমন্ত্রীৰ পৰা আৰম্ভ কৰি মন্ত্রী, বিধায়ক, সাংসদ, মুখ্য সচিবকসহ চৰকাৰী বিষয়া–কর্মচাৰীয়ে একোটাকৈ নির্দিষ্ট ভোটকেন্দ্রলৈ যাব আৰু ঘৰে ঘৰে গৈ তথ্য সংগ্রহ কৰিব৷ তেওঁলোকৰ লগত আশাকর্মী, অংগনৱাড়ী কর্মী, গাঁওবুঢ়া, এ এন এম, বি এল অ’ আদিৰ দলো থাকিব৷ শিক্ষা বিভাগৰ গুণোৎসৱত যিদৰে সকলো জড়িত হৈ পৰিছিল, এই মেগা ভেকচিন কার্যসূচীতো সকলো জড়িত হ’ব৷


অভিযানটোৰ জৰিয়তে ভেকচিন নোলোৱাসকলৰ ভোটগ্রহণ কেন্দ্রভিত্তিত তালিকা যুগুতোৱাৰ লগতে কি কাৰণত ভেকচিন লোৱা হোৱা নাই, সেই সম্পর্কত নাম, ঠিকনা, ফোন নম্বৰসহ বিস্তৃত তথ্য সংগ্রহৰ লগতে সেইসকল লোকে কেতিয়াকৈ ভেকচিন ল’ব পৰা হ’ব, সেয়াও স্থিৰ কৰা হ’ব৷


ব্যৱস্থাটোত ভোটাৰ তালিকাত নাম থকা কোনো ব্যক্তি কর্মসূত্রে ৰাজ্যৰ বাহিৰত থাকিলে অসম চৰকাৰে তেওঁলোকৰ নাম–ফোন নম্বৰ আৰু বর্তমানৰ কর্মস্থলীৰ ঠিকনা ভাৰত চৰকাৰক অৱগত কৰিব৷ ভাৰত চৰকাৰে উক্ত স্থানলৈ গৈ সেইসকল লোকক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব৷ সেইদৰে শাৰীৰিক অসুস্থতাৰ পৰিপ্রেক্ষিতত, ইতিমধ্যে ক’ভিড হৈ যোৱা বাবে, গর্ভৱতী মহিলা হোৱা বাবে যিসকলে এতিয়াও ভেকচিন ল’ব পৰা নাই, সেইসকলৰ নাম, ফোন নম্বৰ আদি সন্নিৱিষ্ট কৰি কেতিয়াকৈ তেওঁলোকক ভেকচিন দিয়াৰ সময় হ’ব, সেই সম্পর্কতো এই অভিযানতে নিশ্চিত কৰি সুকীয়া শিতানত উল্লেখ কৰিব৷



উল্লেখ্য যে ইমানদিনে ভেকচিন প্রদানৰ কাম স্বাস্থ্য বিভাগে কৰি আহিছে৷ নতুন ব্যৱস্থাৰ জৰিয়তে সমগ্র চৰকাৰখনে প্রতিজন লোককে ভেকচিন দিয়াৰ দায়িত্ব গ্রহণ কৰিব৷ জিলা উপায়ুক্ত আৰু মহকুমাধিপতিসকলে নির্বাচন পৰিচালনাৰ দৰে এই অভিযানো পৰিচালনা কৰিব৷

5 views0 comments