ভোগালীৰ বাবে এছঅ’পিত সংশোধনী : উৰুকাত পুৱা ৪ বজাতে সান্ধ্য আইন শিথিল




দেশৰ অন্যান্য অংশৰ লগতে অসমতো কৰোনাৰ তৃতীয় লহৰে জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এই অৱস্থাত জনসাধাৰণৰ সুৰক্ষিত কৰি ৰাখিবলৈ কঠোৰ সতৰ্কতামূলক ব্যৱস্থাৰ প্ৰয়োজন। কিন্তু জাতীয় উৎসৱ ভোগালী বিহু উদযাপনত যাতে ৰাজ্যখনৰ জনসাধাৰণে অধিক সুবিধা লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কৰোনা এছ অ’ পিত কিছু শিথিলতা আনি দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভোগালীৰ সময়ছোৱাত সান্ধ্য আইনৰ সময় হ্ৰাস কৰা বুলি ঘোষণা কৰিছে। সেই অনুসৰি, মাঘ বিহুৰ সময়ছোৱাত নিশা ১১ বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব৷ আনহাতে উৰুকাৰ দিনা ৬ বজাৰ পৰিৱর্তে ৪ বজাৰ পৰাই শিথিল হ’ব সান্ধ্য আইন৷ উল্লেখ্য যে পূর্বৰ এছ অ’ পি অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলৱৎ হৈ আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰা মতে, উৰুকাৰ দিনা অর্থাৎ বৃহস্পতিবাৰে পুৱা ৪ বজাৰ পৰা শিথিল হ’ব সান্ধ্য আইন৷ মাছৰ বজাৰৰ বাবে ৬ বজাৰ পৰিৱর্তে ৪ বজাৰ পৰা সান্ধ্য আইন শিথিল কৰা হৈছে৷ আনহাতে উৰুকাৰ নিশা ১০ বজাৰ পৰিৱর্তে ১১ বজাৰ পৰা বলৱৎ হ’ব সান্ধ্য আইন৷ উৰুকাৰ ভোজ–ভাত খাই ঘৰলৈ উভতি যোৱাৰ সুবিধার্থে এই সান্ধ্য আইন ১১ বজাৰ পৰা বলৱৎ কৰা হৈছে৷ একেদৰে বিহুৰ দিনাখনো পুৱা ৪ বজাৰ পৰা নিশা ১১ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে৷ উল্লেখ্য যে মাঘ বিহুৰ প্রাক্ক্ষণত চৰকাৰে জাৰি কৰা নতুন এছ অ’ পিক লৈ একাংশই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

আনকি বিৰোধী ৰাজনৈতিক দলসমূহেও ষড়যন্ত্রমূলকভাৱে অসমীয়াৰ পৰম্পৰা ধ্বংস কৰাৰ লক্ষ্যৰে এই এছ অ’ পি জাৰি কৰা বুলিও অভিযোগ তুলি আহিছে৷ ইয়াৰ প্রত্যুত্তৰ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট মন্তব্য– এৰাতি ভেলাঘৰত ভোজ–ভাত নাখালে অসমীয়া জাতি থানবান হৈ নাযায়৷ কলাক্ষেত্রত আয়োজিত এটা চৰকাৰী অনুষ্ঠানত অংশগ্রহণৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে এছ’পি সন্দর্ভত সৃষ্টি হোৱা প্রতিক্রিয়া তথা চর্চাৰ প্রসংগত কয়– এছ অ’ পি সালসলনি কৰাত মোৰ কোনো আপত্তি নাই৷ কিন্তু যিসকলে এছ অ’ পিক লৈ আপত্তি তুলিছে, তেওঁলোকে নিশ্চিত কৰিব লাগিব যে ভেলাঘৰত ক’ভিড নহয়৷ এয়া বৰ দুর্ভাগ্যজনক কথা যে ক’ভিডক লৈও প্রতিযোগিতাত নামিছে৷ বিগত বর্ষত ৩১ ডিচেম্বৰ উদযাপন কৰিবলৈ দিয়া হোৱা নাছিল৷ কিন্তু মাঘৰ বিহু উদ্যাপন কৰিব দিয়া হৈছিল৷ এই বিষয়বোৰ নির্ভৰ কৰে কৰোনাৰ সংক্রমণৰ ওপৰত৷ মুখ্যমন্ত্রী ড০ শর্মাই কয়– ভেলাঘৰত অনা–অসমীয়া নহয়, অসমীয়া ল’ৰাহে আক্রান্ত হ’ব৷ যদি বাংলাদেশী ক’ভিডত আক্রান্ত হ’ল হয়, তেন্তে এছ’পিক লৈ পুনৰ বিবেচনা কৰিলোঁ হয়৷ অসমীয়াৰ আৱেগক লৈ এইধৰণৰ কথা ক’ব নাপায়৷ যিসকলে অসমীয়া পৰম্পৰাক সাঙুৰি কথাবোৰ কৈছে, তেওঁলোকে ঠেক ৰাজনীতি কৰিব বিচাৰিছে৷ এনেধৰণৰ ৰাজনীতি কৰিব নালাগে৷ ভেলাঘৰত অসমীয়া ল’ৰাক ক’ভিড সংক্রমণলৈ ঠেলি দিয়াসকলহে অসমবিৰোধী৷ ইফালে লকডাউনৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো উল্লেখ কৰে যে চৰকাৰে জীৱন আৰু জীৱিকা ৰক্ষা চলিব চেষ্টা কৰিছে৷ লকডাউন হ’লে আটাইতকৈ ক্ষতিগ্রস্ত হ’ব অসমীয়া মানুহ৷ যিসকলে অসমীয়াৰ কথা চিন্তা কৰে, অসমীয়াৰ কথা কয়, তেওঁলোকে অলপ ক’ভিডৰ এই সংক্রমণৰ কথা চিন্তা কৰক৷ ভেলাঘৰত এৰাতি ভোজভাত নাখালে অসমীয়া জাতি থানবান হৈ নাযায়৷ জাতিটো ইমান দুর্বল নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাই এই প্রসংগতে স্পষ্ট কৰে যে ক’ভিডৰ এই তৃতীয় ঢ়ৌ ৪৫ দিনলৈ বর্তি থকাৰ সম্ভাৱনা আছে৷ এদিনতে ১৪–১৫ হাজাৰলৈ আক্রান্ত হোৱাৰ সম্ভাৱনা আছে৷ বর্তমান চিকিৎসালয়ৰ বিছনাৰ সংখ্যা সন্তোষজনক অৱস্থাত আছে৷ যেতিয়াই চিকিৎসালয়ত বিছনাৰ অভাৱ হ’ব, তেতিয়াই ক’ভিড বিধিৰ ক্ষেত্রত কিছু কঠোৰ হ’ব লাগিব৷

4 views0 comments