ভূপালৰ হাস্পতালৰ শিশুৰোগ ৱাৰ্ডত জুই : ৪টি শিশুৰ কৰুণ মৃত্যু





ভূপালৰ হামিদিয়া চিকিৎসালয়ৰ শিশুৰোগ বিভাগত সোমবাৰে নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত চাৰিটা শিশুৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে। ৱাৰ্ডটোত ৪০টা শিশু চিকিৎসাধীন হৈ আছিল। বাকীকেইটাক বিশেষ হানি-বিঘিনি নোহোৱাকৈ উদ্ধাৰ কৰা হয়। ঘটনাটো কিহৰ বাবে সংঘটিত হ'ল, সেইটো জানিব পৰা হোৱা নাই। অনুমান কৰা মতে, বৈদ্যুতিক বিজুতি নতুবা চিলিণ্ডাৰৰ বিস্ফোৰণ অথবা ভেণ্টিলেটৰত কিবাকৈ জুই লাগিছিল। অগ্নিকাণ্ডটো নিশা ৯ বজাত চিকিৎসালয়খনৰ তৃতীয় মহলাত সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে নিশা ১২.৩০ মান বজাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।



আনহাতে, হাস্পতালত উপস্থিত হৈ ৰাজ্যখনক মন্ত্ৰী বিশ্বাস চাৰাঙে কয় যে চিকিৎসালয়খনৰ শিশু ৰোগ বিভাগটোৰ কোঠাত ৪০টি শিশু আছিল। তাৰে ৩৬টিক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পৰা গ’ল। ৪টি শিশুক জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ’ল। উদ্ধাৰ কৰা ৩৬ টি শিশুক আন স্থানলৈ নিয়া হৈছে।



মন্ত্ৰীগৰাকীয়ে কয় যে যিকেইটি শিশুৰ এই ঘটনাত মৃত্যু হ’ল তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক ৪ লাখ টকা এককালীন সাহায্য প্ৰদান কৰা হ’ব। উল্লেখ্য যে প্ৰথমে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৩টি শিশুৰ মৃত্যুৰ বিষয়ে অৱগত কৰিছিল। তেওঁ এই ঘটনাৰ শোক প্ৰকাশ কৰিছে আৰু তদন্তৰ নিৰ্দেশ দিছে।

2 views0 comments