ভূমি চুই সেৱা কৰি অফিচত প্ৰৱেশ কৰা বাবে সাংবাদিক ৰুবিকা লিয়াকটক মুছলিম মানুহৰ ধিক্কাৰ




শেহতীয়াকৈ সাংবাদিক ৰুবিকা লিয়াকটে তেওঁৰ ছচিয়েল মিডিয়া একাউন্টত এটা ভিডিঅ' শ্বেয়াৰ কৰি লিখিছিল যে 'এই অনুভৱ বৰ শিহৰণকাৰী... সবাতোকৈ ধুনীয়া অনুভৱখিনিক ধৰি ৰখাৰ বাবে দলটোলৈ বহুত মৰম ।' ভিডিঅ'টোত সেউজীয়া ৰঙৰ পোছাক পিন্ধি থকা সাংবাদিকগৰাকীয়ে আগলৈ হাউলি ভূমি চুই তেওঁৰ নিউজ ষ্টুডিঅ'টোত প্ৰৱেশ কৰাৰ দৃশ্য আছিল । এই দৃশ্য ভাৰতবৰ্ষত তেনেই সুলভ কাৰণ ই ভাৰতীয় সংস্কৃতিৰ এক উৎকৃষ্ট প্ৰদৰ্শন । এই কাৰ্যৰ দ্বাৰা ভাৰতীয় লোকসকলে তেওঁলোকক কৰ্মসংস্থাপন দিয়া ঠাইডোখৰক কৃতজ্ঞতা জ্ঞাপন কৰে । কিন্তু এই ভিডিঅ'টো প্ৰকাশ হোৱাৰ পাছত এই সামান্য কাৰণটোতে সাংবাদিকগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বহুতো মুছলিম ধৰ্মাৱলম্বী লোক । ৰুবিকাক তিৰস্কাৰ কৰি তেওঁলোকে কয় যে এই কাৰ্য ইছলাম ধৰ্মবিশ্বাসৰ বিৰোধী । উল্লেখ্য যে ইয়াৰ আগতেও ৰুবিকা লিয়াকটক এইদৰে অনলাইন আক্ৰমণ কৰা হৈছে । যোৱাবছৰ হালধীয়া পোছাক পিন্ধি ঈদৰ শুভেচ্ছা জনোৱা বাবে তেওঁক তিৰস্কাৰ কৰা হৈছিল । তাৰ আগতেও, ২০১৯ চনত কেৱলমাত্ৰ মেকআপ পৰিধান কৰা বাবে ইছলামিক সমাজৰ তিৰস্কাৰৰ বলি হৈছিল সাংবাদিক ৰুবিকা লিয়াকট ।

9 views0 comments