ভাৰতৰ বাটে-পথে, চুকে-কোণে আশ্ৰয় ৮ কোটি গৰাকীবিহীন কুকুৰ-মেকুৰী




বিশ্বৰ ভিতৰতে সৰ্বাধিক গৰাকীবিহীন কুকুৰ-মেকুৰী আছে ভাৰতত। সেইবোৰৰ আশ্ৰয়স্থল হৈছে বাট-পথ, পৰিত্যক্ত গৃহ আদি। ‘ষ্টেট অৱ পেট হোমলেছনেছ ইনডেক্স’ৰ শেহতীয়া প্রতিবেদনত মতে,

ভাৰতত ৭৯.৯ নিযুত অর্থাৎ প্রায় ৮ কোটি গৰাকীবিহীন কুকুৰ-মেকুৰী আছে।

প্রতিবেদন অনুসৰি, আমেৰিকা, চীন আৰু জার্মানীতকৈ ভাৰতত গৰাকীবিহীন পশুৰ সংখ্যা বেছি৷ মার্চ পেটকেয়াৰ ইণ্ডিয়াৰ প্রতিবেদন অনুসৰি, এইক্ষেত্রত ভাৰতৰ স্থান শীর্ষত৷


উল্লেখ্য যে প্ৰতিবেদনখন পশু কল্যাণ বিশেষজ্ঞৰ উপদেষ্টা মণ্ডলীৰ সহযোগত যুগুতোৱা হৈছে৷ লক্ষণীয় কথাটো হ'ল, ক’ভিড মহামাৰীৰ প্ৰভাৱ তুংগত থকা সময়ত ভাৰতত পোহনীয়া জীৱ-জন্তুৰ প্ৰতি মানুহৰ কদৰ বাঢ়িছিল। হঠাতে গৰাকীৰ সংখ্যাও বৃদ্ধি পাইছিল। কিন্তু পৰিস্থিতি উন্নত হোৱাৰ পিছত সেই আগ্ৰহ কমি যায় আৰু অভাৱনীয়ভাৱে ৰাজপথত বিচৰণ কৰি থকা গৰাকীবিহীন পশুৰ সংখ্যা বৃদ্ধি পায়৷ ভাৰতত লকডাউনৰ সময়ত প্রতি ১০জন লোকৰ ৬জনেই পশুপালন কৰিবলৈ উৎসাহী হৈছিল। কিন্তু বিত্তীয় সীমাবদ্ধতা, পশু ৰখাৰ স্থানৰ অভাৱ আৰু সজাগতাৰ অভাৱৰ বাবেই এতিয়াও প্রায় ৮ কোটি পশু গৰাকীবিহীনভাৱে আছে দেশখনত৷

3 views0 comments