ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মীয় পৰ্যটন কেন্দ্ৰ পুৰীৰ নাম সলনি হ'ব নেকি?




পুৰীৰ সৈতে দেশ-বিদেশৰ অগণিত লোকৰ আছে আনুভূতিক সম্পৰ্ক। ই ভাৰতৰ ধৰ্মীয় পৰ্যটন কেন্দ্ৰসমূহৰো অন্যতম। জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে বছৰি কোটিৰো অধিক লোকে পুৰীত ভৰি দিয়ে। শেহতীয়াকৈ পুৰী চৰ্চালৈ আহিছে এটা বিশেষ কাৰণত। চহৰখনৰ নাম সলনি হ'ব পাৰে। কেইবাটাও সংগঠনে ইতিমধ্যে চহৰখনৰ নাম সলনি কৰিবলৈ প্ৰশাসনক স্মাৰক-পত্ৰ প্ৰদান কৰিছে। শ্ৰী জগন্নাথ মন্দিৰ পৰিচালনা সমিতিয়েও বিষয়টো গুৰুত্বসহকাৰে লৈছে।


পুৰীৰ নতুন নাম হিচাপে বৰ্তমান চৰ্চাত আছে এইকেইটা নাম- পুৰুষোত্তম ধাম, শ্ৰী জগন্নাথ ধাম, শ্ৰীক্ষেত্ৰ ধাম, জগন্নাথ ধাম পুৰী বা জগন্নাথ পুৰী। ইয়াৰে যিকোনো এটা নাম লাভ কৰিব পাৰে পুৰীয়ে।


উল্লেখ্য যে ১২শ শতিকাত স্থাপিত জগন্নাথ মন্দিৰ হৈছে বৈষ্ণৱী হিন্দুসকলৰ চাৰিখন ধামৰ সৰ্বশ্ৰেষ্ঠ ধাম। ইফালে, ১৮২৮ চনৰ ২৩ অক্টোবৰত ব্ৰিটিছে বৰ্তমানৰ ওড়িশাক তিনিটা ভাগত বিভক্ত কৰোঁতে পুৰীক জগন্নাথ নাম দিছিল। বাকী দুটা অংশ হ'ল- বালেশ্বৰ আৰু কটক। জগন্নাথ মন্দিৰৰ পৰা অংকিত হৈছিল জগন্নাথ অঞ্চল। পাছলৈ ইয়াক পুৰী নামেৰে উল্লেখ কৰা হয়। চহৰখনৰ নাম সলনি কৰিবলৈ জোৰ দি থকা সংগঠনসমূহে কয়- ”বিশ্বৰ ভিতৰতে জগন্নাথ মন্দিৰ অন্যতম শ্ৰেষ্ঠ ধাম। যদিও এই ঠাইক সকলোৱে পুৰী বুলি কয় তথাপিও ক’ৰবাত বিভ্ৰান্তি হৈ আছে। জগন্নাথ ধাম পুৰীৰ বাবে সঠিক নাম হ’ব।"

11 views0 comments