ভাৰতৰ ক'ভিড ভেকচিন ডিপ্লোমেচী সফল : এইবাৰ ক'ভাক্সিনক আমেৰিকাৰ অনুমোদন




ভাৰতৰ ক'ভিড ভেকচিন ডিপ্লোমেচী কামত আহিল। বিশ্ব স্বাস্থ্য সংস্থাৰ পিছত এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই ভেকচিনবিধত অনুমোদন জনালে। অৰ্থাৎ এতিয়াৰে ক'ভাক্সিন গ্ৰহণ কৰা ব্যক্তিৰ বাবে আমেৰিকা ভ্ৰমণত কোনো অসুবিধা নাথাকিব। ইয়াৰ পূৰ্বে আনকি প্ৰধানমন্ত্ৰী মোদীকো ভেকচিন নোলোৱা ব্যক্তি হিচাপেহে আমেৰিকাই গণ্য কৰিছিল আৰু সেই অনুসৰি বিশেষ ব্যৱস্থাৰে আমেৰিকা ভ্ৰমণৰ সুবিধা কৰি দিছিল কিন্তু সাধাৰণ নাগৰিকৰ বাবে সেয়া সম্ভৱপৰ নহয়।



উল্লেখ্য যে ইটালীত সদ্যসমাপ্ত জি-২০ৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীৰ ওচৰত বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু জি-২০ৰ অংশীদাৰ ৰাষ্ট্ৰলৈ ক'ভাক্সিনক অনুমোদন আহ্বান জনাইছিল। অনুমোদন পালে ভাৰতে ২০২২ চনত বিশ্বৰ ৫০০ কোটি পালি ভেকচিন দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মোদীৰ এই আহ্বানে কামত দিয়ে বিশ্বৰ দৰিদ্ৰ দেশলৈ ভেকচিন যোগান ধৰি ৰাজকোষ টনকীয়াল কৰা তথা বিশ্বৰ কৰোনাৰ দুৰ্দিনলৈ ঠেলি দিয়া চীনক ভাৰতৰ দ্বাৰাই প্ৰতিহত কৰিব পৰা যাব বুলি সকলো পতিয়ন যায়। তাৰেই ফলশ্ৰুতিত প্ৰথমে বিশ্ব স্বাস্থ্য সংস্থা, পৰৱৰ্তীত অষ্ট্ৰেলিয়া আৰু শেহতীয়াকৈ আমেৰিকাই ক'ভাক্সিনক অনুমোদন জনায়।


ভাৰত বায়’টেকৰ দ্বাৰা প্রস্তুত কৰা ক’ভিড–১৯ প্রতিৰোধী ভেকচিন ক’ভাক্সিনক বিশ্ব স্বাস্থ্য সংস্থা (হু)ই অনুমোদন জনোৱাৰ পাছত এইবাৰ আমেৰিকায়ো এইক্ষেত্রত সেউজ সংকেত প্রদান কৰিছে৷ অর্থাৎ ভাৰতত যিসকল লোকে ক’ভাক্সিন ভেকচিন লৈছে তেওঁলোকে কোনোধৰণৰ বাধা অবিহনে আমেৰিকা ভ্রমণ কৰিব পাৰিব৷ এই নতুন নিয়ম কার্যকৰী হ’ব আগন্তুক ৮ নৱেম্বৰৰ পৰা৷ অর্থাৎ ৮ নৱেম্বৰৰ পৰা ক’ভাক্সিন ভেকচিন লোৱা বিদেশী লোকসকলক আমেৰিকা ভ্রমণৰ অনুমতি প্রদান কৰিছে হোৱাইট হাউছ প্রশাসনে৷ ইয়াৰ ফলত আমেৰিকাত গৈ ক’ভাক্সিন ভেকচিন লোৱা লোকসকলে আইছ’লেচনত থকাৰ পৰা ৰেহাই পাব৷ স্মর্তব্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমতিৰ পূর্বে অষ্ট্রেলিয়াই ভাৰতৰ এই ভেকচিনবিধক অনুমোদন জনাইছিল

5 views0 comments