ভাৰতৰ নগৰাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা




নগৰাঞ্চলত বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ । ১৫ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ নিবনুৱাৰ হাৰ চলিত বৰ্ষৰ জানুৱাৰী-মাৰ্চ মাহত বৃদ্ধি পাইছে ৯.৩ শতাংশলৈ। এই নিবনুৱাৰ হাৰ আছিল ২০২০ চনৰ জানুৱাৰী-মাৰ্চ মাহত ৯.১ শতাংশ । এই তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় পাৰিসাংখ্যিক কাৰ্যালয়ৰ এক শক্তি জৰীপত। জৰীপটোত এই তথ্যও প্ৰকাশ পাইছে যে নগৰাঞ্চলৰ ১৫ বছৰ বা তাতোকৈ অধিক মহিলাসকলৰ মাজতো বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ। ২০২১ বৰ্ষৰ জানুৱাৰী-মাৰ্চত এই হাৰ ১১.৮ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২০২০ বৰ্ষৰ জানুৱাৰী-মাৰ্চ মাহত আছিল ১০.৬ শতাংশ। CWS (বৰ্তমানৰ সাপ্তাহিক স্থিতি) পদ্ধতি অনুসৰি ২০২১ চনৰ জানুৱাৰী-মাৰ্চ মাহত নগৰাঞ্চলত শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ আছিল ৪৭.৫ শতাংশ, যি এবছৰৰ পূৰ্বৰ একেই সময়ছোৱাত আছিল ৪৮.১ শতাংশ।উল্লেখযোগ্য যে CWS পদ্ধতিত এজন ব্যক্তিক নিবনুৱা বুলি গণ্য কৰা হয় যদিহে তেওঁ সপ্তাহৰ যিকোনো দিনত এঘণ্টাৰ বাবেও কাম নকৰে। যিহেতু নিবনুৱা সমস্যাক এটা জ্বলন্ত সমস্যা হিচাপে দীৰ্ঘদিনৰে পৰা গণ্য কৰি অহা হৈছে। এই নিবনুৱা সমস্যা সমাধানৰ বিপৰীতে উদ্বেগজনকভাৱে বৃদ্ধিহে পাইছে নিবনুৱা সমস্যা। ই অতিকৈ চিন্তাৰ বিষয় ।

2 views0 comments