ভাৰতীয় পেন'ৰোমাৰ বাবে নিৰ্বাচিত হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখনকৈ চলচ্চিত্ৰ




ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(আই এফ এফ আই)-য়ে অহা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ হাইব্ৰীড অৰ্থাৎ অনলাইন আৰু অফলাইন ৰূপত আয়োজিত হবলগীয়া ২০২১ বৰ্ষৰ ভাৰতীয় পেন'ৰোমা খণ্ডৰ চলচ্চিত্ৰবোৰৰ বাবে লাইন-আপ ঘোষণা কৰিছে । ২২১ খন সমকালীন চলচ্চিত্ৰৰ মাজৰ পৰা বিশিষ্ট কানাড়া চলচ্চিত্ৰনিৰ্মাতা এছ ভি ৰাজেন্দ্ৰ সিং বাবুৰ অধ্যক্ষতাত গঠিত ফিচাৰ ফিল্ম জুৰীয়ে ২৫ খন ফিচাৰ ফিল্ম (feature film) আৰু ২০ খন নন-ফিচাৰ ফিল্ম (non-feature film)-ক আই এফ এফ আই অনুষ্ঠানৰ ৯ দিনীয়া ভাৰতীয় পেন'ৰোমাত দেখুৱাবলৈ বাছনি কৰিছে । উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাও পাঁচখনকৈ চলচ্চিত্ৰ গোৱাত অনুষ্ঠিত আই এফ এফ আইৰ ভাৰতীয় পেন'ৰোমাৰ এই ৫২-তম সংস্কৰণত প্ৰদৰ্শনৰ বাবে বাছনিভুক্ত হৈছে । হাওবাম পৱন কুমাৰৰ মণিপুৰী নন-ফিচাৰ চলচ্চিত্ৰ 'পাবুং শ্যাম'কো এই শাখাৰ বাবে বাছনি কৰা হৈছে । আইমী বৰুৱাৰ 'চেমখোৰ' (ডিমাছা), বিশ্বজিৎ বৰাৰ 'বুম্বা ৰাইড' (মিছিং) আৰু বিশাল পি চলিহাৰ 'চিজৌ' (বড়ো) শীৰ্ষক চলচ্চিত্ৰকেইখনক ফিচাৰ শাখাৰ বাবে বাছনি কৰা হৈছে । কিশোৰ কলিতাৰ ডকুমেণ্টৰী চলচ্চিত্ৰ 'বীৰাংগনা'কো নন-ফিচাৰ শাখাৰ বাবে বাছনি কৰা হৈছে ।

4 views0 comments