মই খৰ্গেশ্বৰে কৈছো...



নিজে নিজক শেষ কৰি তহতৰ বুকুত এক সপোন আকিছিলো ,

আই জননীৰ কাৰনে হাঁহি হাঁহি স্বৈৰাচাৰীৰ হাতত নিজৰ তেজ অৰ্পণ কৰিছিলোঁ ।


তহতে ইমান সোনকালে ৰাজপথত পৰি থকা তেজৰ চেকূৰাবোৰ পাহৰিলি নে ,

এনে কিয় হব পালে ও বোপাহত ?

কি ভুল আছিল ও মোৰ ,সকলোতকৈ আগত যোৱাৰ নে তেজ দিয়া ?

কোনটো দোষৰ কাৰনে তহতে মোৰ সততাক পাহৰিলি অ' !


মই খৰ্গেশ্বৰে কৈছো

তহতে সচা কিয় হব নোৱাৰিলি আই মাতৃৰ কাৰনে ,

তহতে সকলো জানিও কিয় জনগনক বিপথে পৰিচালিত কৰিলি ।

তহতে দেখা নাই নে আজিৰ দিনত অসমৰ জনগাথনিৰ নিৰ্মম সত্য , তথাপি তহত মৌন !

গাদী ৰ লোভ দেখুৱাবলৈ মই তেজ দিছিলো নেকি অ' বোপাহত ,

আজি সচায়েই মোক পাহৰিলি ন বোপাহত !


মই খৰ্গেশ্বৰে কৈছোঁ

তহতৰ চকুৰ আগত হাজাৰ হাজাৰ বিদেশী স্বদেশী হোৱাৰ পথত ,

অসমীয়া গুছি মিঞাবোৰ অসমীয়া হোৱাৰ পথত

আজি সিহঁতে হাহি হাহি কয় আমি খিলিঞ্জীয়া !!

তথাপি তহতৰ গা লৰা নাই কিয় ও বোপাহত ?

সৌ সিদিনা তহতেই তো মোক অনুসৰণ কৰিছিলি ,

কিন্তু কিয় আজি তহতৰ জাতীয় চেতনাত পাশৱিকতাৰ আৱৰন ।

আজিকালি তহতে হেনো চান্দা তোলাত খুবেই ব্যস্ত ,

পুজিপতি ৰ পকেট হেনো তহতৰ স্থায়ী ঠিকনা ?

বাহ: খুবেই সুন্দৰ সচাই লাচিতৰ পোনাতি তহত , আৰু নিৰ্লজ্জ হব নোৱাৰিলি নে তহত !

শুনিব পাইছো তহতে হেনো আকৌ শৰাইঘাট যাবলৈ প্ৰস্তুত , আকৌ ৰণ কৰিবলৈ । প্ৰথমে সচা হবলৈ শিক ,নিজে নিজক প্ৰশ্ন এবাৰ কৰচোন তহতৰ প্ৰধান শতৰু কোন ?

আজি সত্ৰৰ মাটি , আমাৰ জীয়ৰী বোৱাৰী কাৰ কাৰনে কম্পমান !!

ধন্যবাদ বোপাহত


পাৰ্থ প্ৰতিম মজুমদাৰ



14 views0 comments