মোডী চৰকাৰলৈ ২৬৫ টকা প্ৰতি পালিৰ দামত ১ কোটি পালি ZyCoV-D ভেকচিন যোগান জিডাছ কেডিলাৰ




সুখবৰ, ঔষধ উৎপাদক কোম্পানী জিডাছ কেডিলাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ কোভিড-১৯ ভেকচিন ZyCoV-D-ক প্ৰতি পালিত ২৬৫ টকাকৈ ১ কোটি পালি ভেকচিন যোগান ধৰাৰ বাবে নিৰ্দেশনা লাভ কৰিছে । এইবিধ হৈছে ভাৰতৰ ঔষধ ৰেগুলেটৰে ১২ বছৰ আৰু তাতকৈ ওপৰৰ লোকৰ দেহত প্ৰয়োগ কৰাৰ বাবে অনুমোদন দিয়া প্ৰথমটো ভেকচিন । কেডিলাই কোৱা অনুসৰি এইটো পৃথিৱীৰ প্ৰথমটো প্লাজমিড ডিএনএ ভেকচিন ভাৰত চৰকাৰক যোগান ধৰাৰ নিৰ্দেশ দিয়া হৈছে, যাৰ উপৰোক্ত দামৰ বাহিৰেও বেজীবিহীন এপ্লিকেটৰটোৰ বাবে জিএছটিক বাদ দি প্ৰতি পালিত ৯৩ টকা নিৰ্ধাৰণ কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ পিছত আলোচনা কৰাৰ পিছতহে এই দাম নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁলোকে উল্লেখ কৰে । উল্লেখযোগ্য যে এই ভেকচিনটোত পৰম্পৰাগত চিৰিঞ্জ ব্যৱহাৰৰ পৰিৱৰ্তে এক বেজীবিহীন এপ্লিকেটৰ ব্যৱহাৰ কৰা হ'ব যাৰ নাম হৈছে 'ফাৰ্মাজেট' (PharmaJet)। ফাৰ্মাজেট হৈছে এক বেজীবিহীন এপ্লিকেটৰ যিয়ে মানুহৰ মাজত বিষবিহীনভাৱে ভেকচিন বিতৰণ কৰিব আৰু পাৰ্শ্বক্ৰিয়াসমূহ যথেষ্ট পৰিমাণে কম কৰিব । কোম্পানীটোৰ মেনেজিং ডিৰেক্টৰ চৰ্ৱিল পেটেলৰ মতে এনে প্ৰকাৰৰ ভেকচিনে মানুহক ভেকচিন লবলৈ আগ্ৰহী কৰি তুলিব । প্ৰায় তিনি মাহলৈকে ২৫৹ চেলচিয়াছ উষ্ণতাত এই ভেকচিনবিধে নিজৰ স্থিৰতা দেখুৱাইছে । এনে উষ্ণতাৰ স্থিৰতাই ভেকচিনবিধৰ পৰিবহন তথা জমা কৰি ৰখাৰ ক্ষেত্ৰত সহায় কৰিব বুলিও কোম্পানীটোৱে উল্লেখ কৰে ।

9 views0 comments