মাথোঁ ডেৰ পৃষ্ঠা! ৰাজকন্যাৰ বিৰুদ্ধে আদালতত দাখিল আৰক্ষীৰ চাৰ্জশ্বীট





গুৱাহাটীৰ ৰাজপথত শ্ৰমিকৰ ওপৰেৰে গাড়ী চলাই সম্প্ৰতি কাৰাবন্দী হৈ থকা মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিল কৰিলে দিছপুৰ আৰক্ষীয়ে।


আদালতত ডেৰপৃষ্ঠা জোৰা চাৰ্জ শ্বীত দাখিল কৰিলে দিছপুৰ আৰক্ষীয়ে। জানিব পৰা মতে ডেৰ পৃষ্ঠাত মাথোঁ ২১টা শাৰীতে আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰিছে। লক্ষণীয়ভাৱে অভিযোগনামাত নাই হোটেল তাজ ভিভাণ্টাৰ উল্লেখ। লিপিবদ্ধ হোৱা নাই তাত আয়োজিত পাৰ্টীটোৰ আয়োজক পংকজ সাধনীদাৰৰ নাম।




উল্লেখ্য যে মহানগৰীৰ বুকুত নিশা শ্ৰমিকক মহটিয়াই নিয়া ৰাজকন্যা বৰুৱাই প্ৰথমাৱস্থাত প্ৰভাৱশালী লোকৰ অনুগ্ৰহ লাভ কৰি সহজতে জামিনত মুকলি হ'বলৈ সক্ষম হৈছিল। পৰৱৰ্তীকালত সাংবাদিক, সামাজিক মাধ্যমৰ হেঁচা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত মডেলগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। তাৰো পূৰ্বে তেওঁ লাভ কৰে বিশেষ সুবিধা। গুৰুতৰ অসুখ নোহোৱা সত্ত্বেও ৰাজকন্যাক হাস্পতালৰ আইচিইউত ৰাখি গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা দিয়াৰ অপচেষ্টা চলোৱা হয়। চৰকাৰে চিকিৎসকৰ দল গঠন কৰি সেই চক্ৰান্তক ব্যৰ্থ কৰে আৰু চিকিৎসকৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজকন্যাক গ্ৰেপ্তাৰ কৰা হয়। ঘটনাপ্ৰৱাহত চিকিৎসক এজন গ্ৰেপ্তাৰ হয়। আৰক্ষী বিভাগৰ দুজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ হয়। মুঠতে বহু ঘটনা-পৰিঘটনাক সামৰি অৱশেষত কাৰাগাৰলৈ হাজোতী হিচাপে প্ৰেৰণ হয় ৰাজকন্যা। এতিয়া আৰক্ষীৰ চাৰ্জশ্বীটৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব ৰাজকন্যাৰ ভৱিষ্যৎ।

6 views0 comments