ম্যানমাৰত নগা বিদ্ৰোহীৰ আক্ৰমণত জুণ্টা সেনাৰ ৪৭ জোৱান নিহত




ম্যানমাৰৰ নগা স্বায়ত্তশাসিত ছাগাইঙি অঞ্চলত শুকুৰবাৰে পিপলছ ডিফেন্স ফৰ্চে হোৱা তুমুল সংঘৰ্ষত ৪৭জন চৰকাৰী সেনা অৰ্থাৎ জুণ্টা সামৰিক বাহিনীৰ জোৱান নিহত হয়। সেই সময়ত জুণ্টা সেনাই ছাগাইঙিৰ দক্ষিণ চহৰ ছিথাৰৰ গাঁৱসমূহত অভিযান চলাই আছিল। পিপলছ ডিফেন্স ফৰ্চে অতৰ্কিতে আক্ৰমণ চলাই ৪৭জন জুণ্টা সেনাক নিহত কৰে ।


জানিব পৰা মতে, ম্যানমাৰ সেনাই থজি , নাইচাং , নাটমিয়াঙ , চাউং গৱা আৰু হেলোক গাঁৱত কেইবাজনো গঞাৰ ছুৰীৰে আঘাত কৰি আহত কৰিছিল। জুণ্টা বাহিনীৰ অভিযানৰ খবৰ পাই বিদ্ৰোহী সংগঠনটোৰ গেৰিলা আক্ৰমণ চলায়।


কিছুদিন পূৰ্বে ম্যানমাৰ সেনাই মিজোৰামৰ সীমান্তৰ শ্বিন প্ৰদেশৰ ফালাম আৰু থাঙলাঙ চহৰৰ আৱাসিক এলেকাত বোমা বৰ্ষণ কৰাত ১৬০টা ঘৰ ভস্মীভূত হৈছিল ।

16 views0 comments