যুঁজখন কেৱল মুখ্যমন্ত্ৰীৰনে?




অসমত এইবাৰৰ ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীৰ দিন দুটা ব্যতিক্ৰম ৰূপত পাৰ হ’ল। দিন দুটা সাধাৰণতে উছৱমুখৰ হৈ থাকে। বনভোজ, নৱবৰ্ষক আদৰাৰ পাৰ্টী, নৃত্য-গীত আদিৰে ভৰি থাকে। সঁচা কথা ক’বলৈ গ’লে দিন দুটাত মানুহৰ মন-প্ৰাণ অন্য এখন জগতত থাকে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। আনন্দ-উছাহত যাতে কোনো বিঘিনি আহি উপস্থিত নহয়, ইয়াত ৰাজ্য চৰকাৰেও জোৰ দিলে। দুয়োটা দিনক নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হ’ল। কিন্তু সকলোবোৰৰ মাজতো ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰী ব্যতিক্ৰম হৈৰ’ল। ব্যতিক্ৰম হৈ ৰ’ল দুৰ্ঘটনামুক্ত অসমৰ প্ৰয়াসৰ বাবে। চৰকাৰখনে দুয়োটা দিনক দুৰ্ঘটনামুক্ত কৰি ৰখাৰ বাবে সকলোখিনি কৰিলে। জনসাধাৰণক সজাগ কৰাৰ চেষ্টা চলালে। যান-বাহন আইন উলংঘাকাৰীক ধৰা পেলাই আইনী ব্যৱস্থা গ্ৰহণ কৰিলে। সাময়িকভাৱে ড্ৰাইভিং লাইচেঞ্চ নিলম্বন কৰিলে। জৰিমনা বিহিলে। দুৰ্ঘটনাৰ অন্যতম প্ৰধান কাৰক সুৰাপায়ী চালকক আটক কৰিলে। কোনো কোনো ঠাইত সতৰ্ক কৰি এৰি দিলে। দ্ৰুতবেগত গাড়ী চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্তা গ্ৰহণ কৰিলে। দুৰ্ঘটনাত যাতে ক্ষতি ন্যূনতম কৰিব পাৰি, তাৰ বাবে হেলমেটা পিন্ধা, ছীট বেল্ট ব্যৱহাৰ কৰা আদিত কঠোৰভাৱে চকু দিয়া হ’ল। ইয়াৰ ফচল কি হ’ল, সেইটো সুকীয়া কথা। কিন্তু দিন দুটাক দুৰ্ঘটনামুক্ত কৰি ৰাখিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাটো অসমৰ ইতিহাসৰ এটা সোণালী অধ্যায় হৈ ৰ’ব। কিয়নো পথ দুৰ্ঘটনাক লৈ পূৰ্বতে অসমত কোনো এখন চৰকাৰে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। অসমতেই কিয়, ভাৰতবৰ্ষতে চৰকাৰ এখনে এইদৰে দুৰ্ঘটনাৰ বিৰুদ্ধে যুদ্ধঘোষণা কৰাৰ নজিৰ পাবলৈ নাই। যথাৰ্থতে অসমৰ বাবে দিন দুটা ব্যতিক্ৰম হৈ থাকিল। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ধন্যবাদৰ পাত্ৰ। ধন্যবাদ দিব লাগিব আৰক্ষী, পৰিবহণ বিভাগক। কিন্তু যুদ্ধখন অকল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰনে?

ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে অসমত কিছুমান কাম মিছন মোডত আৰম্ভ হৈছে। যেনে- ড্ৰাগছবিৰোধী অভিযান। এইটো অভিনৱ। আমাৰ দেশখনতে ইয়াৰ পূৰ্বে ড্ৰাগছৰ বিৰুদ্ধে এইদৰে চৰকাৰ এখন জঁপিয়াই পৰাৰ নজিৰ নাই। ইয়াৰ সুফল অসমে ইতিমধ্যে পাইছে। আগলৈ অধিক ৰূপত অভিযানটোৰ সুফল দেখা যাব। সবাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে- বৰবিহটোৰ বিৰুদ্ধে এতিয়াই সৰ্বশক্তিৰে অভিযান নচলালে কম সময়ৰ ভিতৰতে অসমৰ জীৱনৰ ছবিখন ভয়াৱহ হৈ পৰিলহেঁতেন। ড্ৰাগছৰ কবলত পৰি ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বৃহৎ সংখ্যা এটা চক্ৰব্যুহত বন্দী হৈ পৰিলেহেঁতেন। বেলেগ দুনিয়ালৈ আঁতৰি গ’লহেঁতেন। ইয়াৰ পৰিণতি কিমান ভয়ংকৰ হ’ব পাৰে, তাক কল্পনাৰেও জুখিব নোৱাৰি। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পদক্ষেপে অসমখনক অকল্পনীয়-অবৰ্ণনীয় বিপদ এটাৰ পৰা ৰক্ষা কৰাত সহায় কৰিলে। যুঁজখন এতিয়াও চলি আছে। আগলৈও চলাই থাকিব লাগিব। নহ’লে ড্ৰাগছৰ অবৈধ বেহাটো নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব। কিন্তু ড্ৰাগছবিৰোধী যুঁজখনত শাসক দলটোৰ কিমানজন মন্ত্ৰী-বিধায়কে মুখ্যমন্ত্ৰীৰ কাষত থিয় দিলে? বিষয়টোত মুখ্যমন্ত্ৰী ড০ শৰ্মা যিমান সৰৱ হৈ আছিল বা এতিয়াও সৰৱ হৈ আছে, তাৰে দহ শতাংশও যদি চৰকাৰখনৰ মন্ত্ৰী-বিধায়কসকল তৎপৰ হ’লহেঁতেন আমাৰ ৰাজ্যখনৰ পৰা বৰবিহটোৰ বেহা আৰু সৰবৰাহ চিৰদিনলৈ নিঃশেষ কৰাত বৰ বেছি সময় নালাগিলহেঁতেন। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে অবৈধ সুৰা জব্দ কৰিছে। চুলাইৰ ঘাটি উৎখাত কৰিছে। অথচ সেইবোৰৰ বাবে চৰকাৰৰ আবকাৰি নামৰ বিভাগ এটা আছেই। বিভাগটোত মন্ত্ৰী এজনো আছে। কিন্তু আৰক্ষীয়ে অভিযান চলোৱাৰ বহু দিনলৈকে আবকাৰি বিভাগ আৰু বিভাগীয় মন্ত্ৰীজন একপ্ৰকাৰ নীৰৱে থাকিল। পিছত লাজ পাইহে যেন মন্ত্ৰীজন সাৰ পাই উঠিল। কিন্তু আজিও আবকাৰি বিভাগৰ ভূমিকাক লৈ ৰাজ্যখনৰ জনসাধাৰণ সন্তুষ্ট নহয়। প্ৰশ্নবোধক চিহ্ন এটা থাকি গৈছে। বিভাগীয় মন্ত্ৰীগৰাকী সিদিনাই বিভাগটোৰ সকলোকে সক্ৰিয় কৰি ৰণাংগণলৈ পঠিয়াই দিব লাগিছিল যিদিনা মুখ্যমন্ত্ৰী ড০ শৰ্মা বিষয়টোক লৈ সৰৱ হৈ পৰিছিল। তেতিয়া জনসাধাৰণ তথা অবৈধ বেহাৰ সৈতে জড়িত সকলোৰে মনত ড্ৰাগছ, অবৈধ সুৰাবিৰোধী যুঁজখন বেলেগ ৰূপত ধৰা দিলেহেঁতেন। লগতে প্ৰভাৱো বেলেগ ৰূপত পৰিলেহেঁতেন। কিন্তু মন্ত্ৰীগৰাকীয়ে যুঁজখনক মুখ্যমন্ত্ৰীৰ ব্যক্তিগত যুঁজত সীমাবদ্ধ কৰি ৰাখিলে। সন্দেহ নাই, বিষয়টো মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ চিন্তাপ্ৰসূত। ড্ৰাগছ বা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱহাৰ তথা বেহাৰ পৰা অসমক মুক্ত কৰি ৰখাটো মুখ্যমন্ত্ৰীৰ পণ। কিন্তু ইয়াক সফল কৰাৰ দায়িত্ব কেবিনেটৰ সতীৰ্থ তথা বিধায়কসকলৰো। সেইটো আৰম্ভণিৰ সময়ত প্ৰতিফলিত নহ’ল। আবকাৰি বিভাগে যেন কিবা এটালৈহে অপেক্ষা কৰি আছিল। কিবাটোৰ মীমাংসা হ’ল, অভিযানলৈ ওলাল। এইটোৱেই একমাত্ৰ উদাহৰণ নহয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই যেতিয়া মোক মিঞা ভোট নালাগে বুলি কয়, বিজেপিৰ কিমানজন বিধায়ক বা মন্ত্ৰীয়ে ৰাজহুৱা সভাত বা অন্যান্য স্থানত কথাষাৰক আগুৱাই লৈ যায়? মিঞা ভোট নালাগে বুলি কওঁতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ‘মিঞা’ শব্দটোৰ ব্যাখ্যাও কৰি দিয়ে। কেইবাটাও ৰাষ্ট্ৰীয় চেনেলত তেওঁ ইয়াৰ ব্যাখ্যা কৰা দেখিছোঁ। তেওঁ স্পষ্টকৈয়ে কয়, ভোট বিচাৰিলেও দিব নেকি? মুখ্যমন্ত্ৰী ড০ শৰ্মাই সততে সনাতনী সভ্যতা-সংস্কৃতিৰ কথা কয়। অসমত সনাতনী সভ্যতা-সংস্কৃতি কাৰ বাবে বিপদত পৰিবলৈ ওলাইছে, ইয়াক ৰক্ষা কৰাৰ উপায় কি, তেওঁ সকলো কথা উদাত্ত কণ্ঠে মানুহৰ মাজত কৈ ফুৰে। সনাতনী সভ্যতা-সংস্কৃতি ৰক্ষাৰ যুঁজখন কেৱল ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেকি? চৰকাৰখনৰ কিমানজন মন্ত্ৰী-বিধায়কক বিষয়টোত ৰাজহুৱাভাৱে সৰৱ হৈ থকা দেখা যায়? মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় বয়-বস্তুৰ দাম কমিব। অৰ্থাৎ তেওঁ বিষয়টোক লৈ আশাবাদী। ইয়াৰ বিপৰীতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীজনাই এইবোৰ সামগ্ৰীৰ দাম বৃদ্ধি ৰোধত মোৰ মন্ত্ৰালয়ৰ ভূমিকা নাই, সেইবিধ সামগ্ৰীৰ দাম হ্ৰাসত মোৰ মন্ত্ৰালয়ৰ কৰিবলগীয়া একো নাই। দাম বৃদ্ধিয়ে কোঙা কৰা জনসাধাৰণে যাব ক’লৈ? প্ৰশ্ন সুধিলেই মন্ত্ৰীয়ে নিজকে নিৰাপদ দূৰত্বলৈ লৈ যায়। নতুন শিক্ষা-নীতি আছে, ক’ভিডৰ শংকা আছে বাবেই বিভাগীয় মন্ত্ৰী দুগৰাকী সক্ৰিয়। কিছু ক্ষেত্ৰত পীয়ূষ হাজৰিকা সক্ৰিয়। বাকী মন্ত্ৰীগণ যেন এটা নিৰ্দিষ্ট গণ্ডীৰ ভিতৰত ঘূৰি ফুৰা কেইজনমান আশ্বৰ্যজনক ব্যক্তিহে। চৰকাৰখনে শপতগ্ৰহণ কৰাৰ পিছত কিছুদিনলৈকে মন্ত্ৰীসভাৰ সকলোকে সক্ৰিয়-সৰৱ হৈ থকা দেখা গৈছিল। দিন গ’ল। সকলোৰে মাত হৰিল। সেয়ে প্ৰশ্ন উঠিছে- যুঁজখন অকল মুখ্যমন্ত্ৰীৰনে?

৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত অসমক দুৰ্ঘটনামুক্ত কৰি ৰাখিব লাগে, তেনে চিন্তা এটা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইহে প্ৰথমে কৰিব পাৰে, সেইটোত কাৰোৱেই দ্বিমত নাই। কিন্তু সংকল্পটো বাস্তৱায়িত কৰাত সকলোৱে উবুৰি খাই পৰিব লাগে, সেইটোতো কাৰো দ্বিমত নাই। তাৰ বাবে কাৰোবাৰ নিৰ্দেশলৈ অপেক্ষা কৰিব লাগে নেকি? নো ব্যক্তিবিশেষে ক’ব লাগ নেকি? বছৰৰ এই দিন দুটাত মুখ্যমন্ত্ৰীৰ পণ ৰক্ষাৰ বাবে কিমানজন মন্ত্ৰী-বিধায়কে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে? ৩১ জানুৱাৰীত নিশা ডেৰ বজালৈ গুৱাহাটীৰ পথে পথে মুখ্যমন্ত্ৰী ঘূৰি থাকিল। আনসকল? এই সময়ছোৱাত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজাববীয়াকৈ কিবা উল্লেখযোগ্য পদক্ষেপ লোৱা ৰাইজে দেখিলেনে? নৱবৰ্ষক আদৰাৰ ক্ষণটোত যদি মুখ্যমন্ত্ৰী ৰাজপথত থাকিব পাৰে, বিভাগীয় মন্ত্ৰীজনে তেনে আদৰ্শনীয় পদক্ষেপ নিজাববীয়াকৈ ল’ব নোৱাৰেনে? নে আন্তৰিকতাৰ অভাৱ? পথ দুৰ্ঘটনাই অসমৰ জনসাধাৰণক কিদৰে ক্ষতিগ্ৰস্ত কৰিছে, তাক দুনাই কোৱাৰ প্ৰয়োজন নাই। সকলোৱে জনা কথা। প্ৰতিদিনেই কোনো নহয় কোনো পৰিয়ালে আপোনজনক হেৰুৱাব লাগে। কিমান মৰ্মান্তিক কথা! দুৰ্ঘটনাই মাথোঁ মানুহকে আমাৰ মাজৰ পৰা আঁজুৰি নিনিয়ে, অগণিত লোকক চিৰকাললৈ পংগু কৰি থৈছে। ইয়াৰ কু-প্ৰভাৱ দেশ অৰ্থনীতিতো পৰে। পৰিয়ালৰ আৰ্থিক নিৰাপত্তাটো পৰে। ইয়াৰ পৰা যদি দেশ অথবা সমাজত সুৰক্ষিত কৰি ৰখাত হাতে-কামে লাগি পৰে, সেইজন ব্যক্তিৰ চেতনাত জনহিতৰ কথাবোৰ কিদৰে ভিৰ কৰি থাকে, সেয়া সহজে অনুমেয়। মানুহৰ মংগলৰ অৰ্থে উৎসর্গিত মনোভাব এটা নাথাকিলে এইবোৰ কাম কৰিব নোৱাৰি। ৰাজ্যখনত পূৰ্বতেও চৰকাৰ আছিল। ক্ষমতাও আছিল। কিন্তু পাৰ্থক্যটো আছিল চিন্তাত। সেয়ে আগেয়ে এনে এটা অভিযান অসমবাসীয়ে দেখা পোৱা নাছিল। কিন্তু দেখা গৈছে কিছুমান নিৰ্দিষ্ট বিচাৰাধাৰা বা চিন্তুাৰ বাস্তাৱায়নৰ ক্ষেত্ৰত চৰকাৰখনৰ গৰিষ্ঠসংখ্যক মন্ত্ৰী-বিধায়কে মুখ্যমন্ত্ৰীক একাষৰীয়া কৰি ৰাখিব বিচাৰিছে। সমাজত এনে এটা ধাৰণা প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে সেইবোৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বিষয়। ইয়াত আমাৰ কোনো লেন-দেন নাই। এইবোৰ তেওঁলোকৰ জ্ঞাতসাৰে হৈছে নে অনুভৱৰ অক্ষমতা হেতু অজ্ঞাতসাৰে হৈছে, তাক জানিবলৈ কিছু সময় অপেক্ষাৰ প্ৰয়োজন হ’ব। কিন্তু চৰকাৰ এখনৰ সুস্বাস্থ্যৰ বাবে ই শুভলক্ষণ নহয়। মুখ্যমন্ত্ৰী এগৰাকীৰ হাত শক্তিশালী কৰা, তেওঁৰ ভুল-ভ্ৰান্তি দেখুৱাই দিয়া, সিদ্ধান্তক বলিষ্ঠ ৰূপত কাৰ্যকৰী কৰাটো কেবিনেটৰ সতীৰ্থ আৰু দলীয় বিধায়কসকলৰ দায়িত্ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই যদি আজি কয় অসমৰ পৰা দুৰ্নীতি সমুলঞ্চে উৎখাত কৰিব লাগে, সতীৰ্থ মন্ত্ৰী আৰু বিধায়কসকলে ইয়াক বাস্তৱ ৰূপ দিয়াৰ বাবে জঁপিয়াই পৰিব লাগিব যাতে ই মহাসমৰত পৰিণত হয়। ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীৰ কথাকে ধৰা হওক, দিন দুটা অজুহাতহে। আচল কথাটো হৈছে অসমৰ জনসাধাৰণৰ চেতনাৰ প্ৰৱাহটোত দুৰ্ঘটনাৰ কাৰকসমূহক এইদৰে সুমুৱাই দিয়া হওক যাতে আমাৰ বাবে প্ৰতিটো দিন দুৰ্ঘটনামুক্ত অসমৰ প্ৰাৰ্থনা হৈ থাকে। ইয়াক সফল কৰাত মুখ্যমন্ত্ৰীৰ দৰে সকলো মন্ত্ৰী-বিধায়ক ওলাই নাহিল। অহাহেঁতেন সোণত সুৱগা চৰা নহ’লহেঁতেননে? মুখ্যমন্ত্ৰীতকৈও তেওঁলোক ব্যস্তনে?যুঁজখন কেৱল মুখ্যমন্ত্ৰীৰনে?


অসমত এইবাৰৰ ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীৰ দিন দুটা ব্যতিক্ৰম ৰূপত পাৰ হ’ল। দিন দুটা সাধাৰণতে উছৱমুখৰ হৈ থাকে। বনভোজ, নৱবৰ্ষক আদৰাৰ পাৰ্টী, নৃত্য-গীত আদিৰে ভৰি থাকে। সঁচা কথা ক’বলৈ গ’লে দিন দুটাত মানুহৰ মন-প্ৰাণ অন্য এখন জগতত থাকে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। আনন্দ-উছাহত যাতে কোনো বিঘিনি আহি উপস্থিত নহয়, ইয়াত ৰাজ্য চৰকাৰেও জোৰ দিলে। দুয়োটা দিনক নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হ’ল। কিন্তু সকলোবোৰৰ মাজতো ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰী ব্যতিক্ৰম হৈৰ’ল। ব্যতিক্ৰম হৈ ৰ’ল দুৰ্ঘটনামুক্ত অসমৰ প্ৰয়াসৰ বাবে। চৰকাৰখনে দুয়োটা দিনক দুৰ্ঘটনামুক্ত কৰি ৰখাৰ বাবে সকলোখিনি কৰিলে। জনসাধাৰণক সজাগ কৰাৰ চেষ্টা চলালে। যান-বাহন আইন উলংঘাকাৰীক ধৰা পেলাই আইনী ব্যৱস্থা গ্ৰহণ কৰিলে। সাময়িকভাৱে ড্ৰাইভিং লাইচেঞ্চ নিলম্বন কৰিলে। জৰিমনা বিহিলে। দুৰ্ঘটনাৰ অন্যতম প্ৰধান কাৰক সুৰাপায়ী চালকক আটক কৰিলে। কোনো কোনো ঠাইত সতৰ্ক কৰি এৰি দিলে। দ্ৰুতবেগত গাড়ী চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্তা গ্ৰহণ কৰিলে। দুৰ্ঘটনাত যাতে ক্ষতি ন্যূনতম কৰিব পাৰি, তাৰ বাবে হেলমেটা পিন্ধা, ছীট বেল্ট ব্যৱহাৰ কৰা আদিত কঠোৰভাৱে চকু দিয়া হ’ল। ইয়াৰ ফচল কি হ’ল, সেইটো সুকীয়া কথা। কিন্তু দিন দুটাক দুৰ্ঘটনামুক্ত কৰি ৰাখিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাটো অসমৰ ইতিহাসৰ এটা সোণালী অধ্যায় হৈ ৰ’ব। কিয়নো পথ দুৰ্ঘটনাক লৈ পূৰ্বতে অসমত কোনো এখন চৰকাৰে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। অসমতেই কিয়, ভাৰতবৰ্ষতে চৰকাৰ এখনে এইদৰে দুৰ্ঘটনাৰ বিৰুদ্ধে যুদ্ধঘোষণা কৰাৰ নজিৰ পাবলৈ নাই। যথাৰ্থতে অসমৰ বাবে দিন দুটা ব্যতিক্ৰম হৈ থাকিল। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ধন্যবাদৰ পাত্ৰ। ধন্যবাদ দিব লাগিব আৰক্ষী, পৰিবহণ বিভাগক। কিন্তু যুদ্ধখন অকল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰনে?

ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে অসমত কিছুমান কাম মিছন মোডত আৰম্ভ হৈছে। যেনে- ড্ৰাগছবিৰোধী অভিযান। এইটো অভিনৱ। আমাৰ দেশখনতে ইয়াৰ পূৰ্বে ড্ৰাগছৰ বিৰুদ্ধে এইদৰে চৰকাৰ এখন জঁপিয়াই পৰাৰ নজিৰ নাই। ইয়াৰ সুফল অসমে ইতিমধ্যে পাইছে। আগলৈ অধিক ৰূপত অভিযানটোৰ সুফল দেখা যাব। সবাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে- বৰবিহটোৰ বিৰুদ্ধে এতিয়াই সৰ্বশক্তিৰে অভিযান নচলালে কম সময়ৰ ভিতৰতে অসমৰ জীৱনৰ ছবিখন ভয়াৱহ হৈ পৰিলহেঁতেন। ড্ৰাগছৰ কবলত পৰি ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বৃহৎ সংখ্যা এটা চক্ৰব্যুহত বন্দী হৈ পৰিলেহেঁতেন। বেলেগ দুনিয়ালৈ আঁতৰি গ’লহেঁতেন। ইয়াৰ পৰিণতি কিমান ভয়ংকৰ হ’ব পাৰে, তাক কল্পনাৰেও জুখিব নোৱাৰি। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পদক্ষেপে অসমখনক অকল্পনীয়-অবৰ্ণনীয় বিপদ এটাৰ পৰা ৰক্ষা কৰাত সহায় কৰিলে। যুঁজখন এতিয়াও চলি আছে। আগলৈও চলাই থাকিব লাগিব। নহ’লে ড্ৰাগছৰ অবৈধ বেহাটো নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব। কিন্তু ড্ৰাগছবিৰোধী যুঁজখনত শাসক দলটোৰ কিমানজন মন্ত্ৰী-বিধায়কে মুখ্যমন্ত্ৰীৰ কাষত থিয় দিলে? বিষয়টোত মুখ্যমন্ত্ৰী ড০ শৰ্মা যিমান সৰৱ হৈ আছিল বা এতিয়াও সৰৱ হৈ আছে, তাৰে দহ শতাংশও যদি চৰকাৰখনৰ মন্ত্ৰী-বিধায়কসকল তৎপৰ হ’লহেঁতেন আমাৰ ৰাজ্যখনৰ পৰা বৰবিহটোৰ বেহা আৰু সৰবৰাহ চিৰদিনলৈ নিঃশেষ কৰাত বৰ বেছি সময় নালাগিলহেঁতেন। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে অবৈধ সুৰা জব্দ কৰিছে। চুলাইৰ ঘাটি উৎখাত কৰিছে। অথচ সেইবোৰৰ বাবে চৰকাৰৰ আবকাৰি নামৰ বিভাগ এটা আছেই। বিভাগটোত মন্ত্ৰী এজনো আছে। কিন্তু আৰক্ষীয়ে অভিযান চলোৱাৰ বহু দিনলৈকে আবকাৰি বিভাগ আৰু বিভাগীয় মন্ত্ৰীজন একপ্ৰকাৰ নীৰৱে থাকিল। পিছত লাজ পাইহে যেন মন্ত্ৰীজন সাৰ পাই উঠিল। কিন্তু আজিও আবকাৰি বিভাগৰ ভূমিকাক লৈ ৰাজ্যখনৰ জনসাধাৰণ সন্তুষ্ট নহয়। প্ৰশ্নবোধক চিহ্ন এটা থাকি গৈছে। বিভাগীয় মন্ত্ৰীগৰাকী সিদিনাই বিভাগটোৰ সকলোকে সক্ৰিয় কৰি ৰণাংগণলৈ পঠিয়াই দিব লাগিছিল যিদিনা মুখ্যমন্ত্ৰী ড০ শৰ্মা বিষয়টোক লৈ সৰৱ হৈ পৰিছিল। তেতিয়া জনসাধাৰণ তথা অবৈধ বেহাৰ সৈতে জড়িত সকলোৰে মনত ড্ৰাগছ, অবৈধ সুৰাবিৰোধী যুঁজখন বেলেগ ৰূপত ধৰা দিলেহেঁতেন। লগতে প্ৰভাৱো বেলেগ ৰূপত পৰিলেহেঁতেন। কিন্তু মন্ত্ৰীগৰাকীয়ে যুঁজখনক মুখ্যমন্ত্ৰীৰ ব্যক্তিগত যুঁজত সীমাবদ্ধ কৰি ৰাখিলে। সন্দেহ নাই, বিষয়টো মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ চিন্তাপ্ৰসূত। ড্ৰাগছ বা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱহাৰ তথা বেহাৰ পৰা অসমক মুক্ত কৰি ৰখাটো মুখ্যমন্ত্ৰীৰ পণ। ক