যুদ্ধৰ আগজাননী! নাগৰিকক নিত্য ব্যৱহাৰ্য সামগ্ৰী মজুতকৰণৰ নিৰ্দেশ চীন চৰকাৰৰ




টাইৱান আৰু ভাৰতৰে উত্তেজনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। সীমান্তত বৃদ্ধি হৈছে সেনা আৰু সমৰাস্ত্ৰ মোতায়েনৰ প্ৰতিযোগিতা। উত্তেজনাময় পৰিস্থিতিৰ মাজতে চীন চৰকাৰৰ শেহতীয়া নিৰ্দেশ এটাই যুদ্ধৰ আশংকা বৃদ্ধি কৰিছে। কমিউনিষ্ট চৰকাৰে দেশৰ নাগৰিকসকলক নিত্য ব্যৱহাৰ্য সামগ্ৰী মজুত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। দেশখনৰ নাগৰিকেও নিৰ্দেশ পালন কৰি অত্যাৱশ্যকীয় সামগ্রী, নিমখ, চেনী, কেৰাচিন আদি ক্ৰয় কৰি মজুত কৰিবলৈ আৰম্ভ কৰিছে। দেশখনৰ বহু ঠাইত দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্ৰী পোৱাটো দুৰ্লভ হৈ পৰিছে। বহুতো ৰাজ্যত স্থানীয় প্ৰশাসনে খাদ্য-সামগ্ৰীৰ যোগান বৰ্তাই ৰাখিবলৈ আৰু অস্বাভাৱিক মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছে।



উল্লেখ্য যে ভাৰতৰ উপৰি চীন আৰু টাইৱানৰ মাজত শেহতীয়াকৈ উত্তেজনা বৃদ্ধি পাইছে। চীনে টাইৱানক বাৰে বাৰে ভাবুকি দি আহিছে। আনহাতে, চীনে টাইৱান আক্ৰমণ কৰিলে আমেৰিকাৰ সৈন্য টাইৱানৰ যুঁজত নামিব বুলি ৰাষ্ট্ৰপতি বাইডেনে ধমকি দি থৈছে। এই পৰিস্থিতিত চীনৰ পৰিকল্পনা পোহৰলৈ অহা নাই যদিও সোমবাৰে নিশা চীনৰ বাণিজ্য মন্ত্ৰালয়ে দেশৰ জনসাধাৰণক জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰী মজুত কৰি ৰাখিবলৈ দিয়া নিৰ্দেশটোৰ যুদ্ধৰ আগজাননী ৰূপে চোৱা হৈছে।

0 views0 comments