লখিমপুৰ খেৰীৰ হত্যাকাণ্ড : অনুসন্ধান তীব্ৰ হোৱা নাই বুলি উত্তৰ প্ৰদেশ আৰক্ষীক সকীয়নী উচ্চতম ন্যায়ালয়




উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হোৱা হত্যাকাণ্ডৰ অনুসন্ধানৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ আৰক্ষীৰ গতি সন্তোষজনক নহয় বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে । ন্যায়ালয়ে এজন অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা এছ আই টি অনুসন্ধানৰ নিৰীক্ষণ ব্যৱস্থা হাতত লোৱাৰ চুপাৰিছ আগবঢ়ায় । ঘটনাটোৰ সন্দৰ্ভত চিবিআইৰ অনুসন্ধানৰ বিষয়ত পোনপটীয়াকৈ 'No' বুলি কৈ ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনৰ নেতৃত্বত তথা অন্য দুজন ন্যায়াধীশ সূৰ্যকান্ত আৰু হিমা কোহলীৰ দ্বাৰা গঠিত শীৰ্ষ ন্যায়ালয় বেঞ্চে কয় যে চিবিআই সকলো সমস্যাৰ সমাধান নহয় । যোৱা ৩ অক্টোবৰৰ দিনা সংঘটিত চাৰিজন কৃষক সহিতে আঠজন লোকৰ হত্যাকাণ্ডৰ ঘটনাটোৰ শুনানি গ্ৰহণ কৰাৰ সময়ত ন্যায়ালয়ে এই কথা ব্যক্ত কৰে । ঘটনাৰ মুখ্য আৰোপী আশীষ মিশ্রৰ বাহিৰে বাকী কোনো আৰোপীৰেই মোবাইল ফোন জব্দ নকৰাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীক ন্যায়ালয়ে জেৰা কৰে । এই ঘটনাটোৰ বিচাৰৰ ক্ষেত্ৰত ন্যায়ালয়ে নিৰপেক্ষতা, স্বতন্ত্ৰতা আৰু বিশ্বাসক সুমুৱাব খোজে বুলিও ন্যায়ালয়ে প্ৰকাশ কৰে । পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জিত সিঙক এছ আই টিৰ অনুসন্ধানৰ কামকাজক নিৰীক্ষণ কৰাৰ বাবে নিয়োগ কৰিবলৈ উচ্চতম ন্যায়ালয়ে চুপাৰিছ কৰে ।

4 views0 comments