লোক মন্থনৰ কাৰ্যালয় মুকলি





নৱবৰ্ষৰ ১৮-২০ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া 'লোক মন্থন ২০২২'ৰ কাৰ্যালয়টো কালি মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাৰ্যালয়টো মুকলি কৰে প্ৰজ্ঞা প্ৰৱাহৰ ৰাষ্ট্ৰীয় সহ:আহ্বায়ক শ্ৰীকান্থ কাঠধাড়ে, উত্তৰ-পূব ক্ষেত্ৰ প্ৰচাৰক উল্লাহ কুলকাৰ্নি, প্ৰাগ্য প্ৰৱাহৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক দীপক শৰ্মা আৰু লোক মন্থন ২০২২ৰ কাৰ্যকৰী সভাপতি ডাঃ গাৰ্গী শইকীয়া মহন্তই। কাৰ্যালয়টো মহানগৰীৰ গণেশগুৰিত স্থাপন কৰা হৈছে।


উল্লেখ্য যে ইণ্টেলেকচুৱেল ফ'ৰাম অৱ নৰ্থ-ইষ্ট আৰু প্ৰজ্ঞা প্ৰৱাহৰ যৌথ উদ্যোগত ১৮-২০ ফেব্ৰুৱাৰীত লোক মন্থন ২০২২ অনুষ্ঠিত হ'ব। ইয়াত দেশৰ কেইবাজনো স্বনামধন্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

4 views0 comments