লামডিং বনাঞ্চলত আজি ১০৮ বেদখলকাৰী পৰিয়ালক উচ্ছেদ





লামডিং সংৰক্ষিত বনাঞ্চলৰ আজি অৰ্থাৎ মঙলবাৰে দ্বিতীয় দিনা আৰম্ভ হৈছে উচ্ছেদ অভিযান। কালি জিলা প্ৰশাসনে বিশাল নিৰাপত্তা বাহিনী, জেচিবি আৰু টেক্টৰেৰে উচ্ছেদ অভিযান চলোৱাৰ পিছত আজিও অনুৰূপ ধৰণে চলাইছে অভিযান। উচ্ছেদ অভিযানত কালি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা নাছিল। আজি শান্তিপূৰ্ণভাৱে ১০৮টা গৃহ উচ্ছেদ থকা হ'ব।



উল্লেখ্য যে বনাঞ্চলখনত দুটা পৰ্যায়ত চলিব উচ্ছেদ অভিযান। প্ৰথম পৰ্যায়ত ভেটনলা, কমৰপানীত চলিছে উচ্ছেদ অভিযান। অভিযানৰ জৰিয়তে লামডিং সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় ৫০০ হেক্টৰ ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে।

2 views0 comments