শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভূমিৰ পৰা উৎখাত ইউডিএফ : বিজেপিৰ বৃহৎ জয়




এআইইউডিএফৰ পৰা বিজেপিত যোগদান কৰি প্ৰায় ছমাহৰ ব্যৱধানত দ্বিতীয়বাৰৰ বাবে ভৱানীপুৰৰ বিধায়ক ৰূপে নিৰ্বাচিত হ'ল ফণীধৰ তালুকদাৰ। ইয়াৰ বিপৰীতে সমষ্টিটোত একেৰাহে দুবাৰ জয়লাভ জয়ী হোৱা এআইইউডিএফৰ ভেটি থৰক-বৰক হৈ পৰে।


প্ৰসংগক্ৰমে উল্লেখ্য যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ওপজা আৰু মৃত্যুৰ পৱিত্ৰ ভূমি ভৱানীপুৰ সমষ্টি। সমষ্টিটোৰ সৈতে অসম আৰু অসমীয়াৰ ত্যাগ, সংগ্ৰাম আৰু স্বাভিমান জড়িত হৈ আছে। তাৰ পৰা এআইইউডিএফক উৎখাত কৰাটো জৰুৰী আছিল। এইটো উপ-নিৰ্বাচনে সেয়া সম্ভৱ কৰি তুলিলে। অবৈধ বাংলাদেশীৰ সংৰক্ষক ৰূপে পৰিচিত ইউডিএফৰ ভেটি খহিল আৰু মিত্ৰজোঁটৰ শক্তি প্ৰতিষ্ঠা হ'ল।



সমষ্টিটোত ফণীধৰ তালুকদাৰে ৬৩,৩৫৫টা ভোট লাভ কৰি কংগ্ৰেছ প্ৰাৰ্থীজনক ২৫,৯৩১টা ভোটত পৰাজিত কৰে।

4 views0 comments