শুভ জন্মদিন হিমা : ফটবল খেলি ভালপোৱা ছোৱালীজন আজি দেশৰ গৌৰৱ




হিমা দাস। এটা মাথোঁ নামেই নহয়, ই আধুনিক অসমৰ এটা পৰিচয়। ক্ৰীড়াংগনত অসমবাসীৰ সামৰ্থ্য আৰু সাফল্যৰ এটা জীয়া প্ৰতীক। ভাৰতৰ এটা অমুল্য সম্পদ। ক্ৰীড়াবিদগৰাকীৰ আজি ওপজাদিন। ঘড়ীটোৱে নিশা ১২ বজাৰ সংকেত দিয়াৰ পৰাই ধিং এক্সপ্ৰেছখ্যাত খেলুৱৈগৰাকীৰ কুশল-মংগল কামনা কৰি দেশ-বিদেশৰ অগণিত লোকে শুভেচ্ছা জনাইছে। ৯ জানুৱাৰী নহয় যেন শুভেচ্ছাৰে ভৰা এটা দিনহে। ‘আৱাৰ নৰ্থ-ইষ্ট’ৰ তৰফৰ পৰাও ধিং এক্সপ্ৰেছলৈ ওপজাদিনৰ হিয়াভৰা শুভেচ্ছা। তেওঁ অসম তথা ভাৰতলৈ গৌৰৱৰ আৰু বহু মধুৰ ক্ষণ কঢ়িয়াই আনক, তাকেই কামনা কৰিছোঁ।


হিমা দাসৰ ধিং চহৰৰ গাতেই লাগি থকা কান্ধুলিমাৰী গাঁওখনত ২০০০ চনৰ ৯ জানুৱাৰীত জন্ম হয়। হিমা ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাসৰ কনিষ্ঠ সন্তান। এটা যৌথ পৰিয়ালত জন্মগ্ৰহণ কৰা হিমাই সৰুৰে পৰাই ফুটবল খেলি ভাল পাইছিল।ভৱিষ্যতত এগৰাকী ভাল ফুটবল খেলুৱৈ হোৱাৰ হেঁপাহপুহি ৰাখিছিল। ফুটবলৰ পিছে পিছে দৌৰি দৌৰি এদিন হিমা দাস ভাৰতৰেই নহয়, বিশ্বৰ এগৰাকী দৌৰবিদ হৈ পৰে। তেওঁ হৈ পৰে অসমবাসীৰ নয়নৰ মণি।

কৃষক পৰিয়ালৰ কন্যা হিমাই সৰুৰে পৰাই দেউতাক, বৰদেউতাকৰ সৈতে খেতিপথাৰলৈ গৈ কৃষিকাৰ্যত সহায় কৰিছিল। পথাৰলৈ নিয়া জলপানৰ জুতি দেউতাকহঁতে লোৱাৰ সময়ত হিমাই হালৰ মুঠিত ধৰিছিল, মৈত উঠি জাহাজত উঠাৰ আনন্দ লভিছিল। ফুটবলৰ পথাৰতে দৌৰৰ অভ্যাস গঢ়ি তোলা হিমাই আনকি কান্ধুলীমাৰীৰ পথত চলন্ত টাটা ছুম’কো দৌৰত পাছ পেলাইছিল। দৌৰৰ সেই যাত্ৰাটোৱে এদিন হিমা দাসক দৌৰৰ জগতখনলৈ মাতি নিয়ে। তেনেদৰে কালৰ গতিৰ সমান্তৰালকৈ হিমাৰ যাত্ৰাটো এখোজ-দুখোজকৈ আগবাঢ়ে। ২০১৪ চনটোৱে হিমাৰ ভাগ্যই সলনি কৰি দিয়ে। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ স্কুলৰ সাধাৰণ সম্পাদক পদ লাভ কৰে। একে সময়তেই ধিং আঞ্চলিক ছাত্ৰ সংস্থাই হিমাক ক্ৰীড়া সম্পাদকৰ দায়িত্ব দিয়ে। সেই সময়তেই নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ফুটবল খেলিবলৈ অহা হিমাৰ খেল দেখি নৱোদয় বিদ্যালয়ৰ শিক্ষক চামছুল হকে হিমাক এথেলেটিকছৰ ট্ৰেকলৈ যাবলৈ উপদেশ দিয়ে। সেই উপদেশ মৰ্মেই আৰু শিক্ষক চামছুল হকৰ প্ৰাথমিক তত্বাৱধানত হিমাই এথেলেটিকছৰ ট্ৰেকত খোজ দিয়ে। আৰম্ভ হয় কঠোৰ অনুশীলন আৰু বিভিন্ন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ। প্ৰথম সাফল্য আহে ২০১৬ চনৰ ডিচেম্বৰত। শিৱসাগৰত অনুষ্ঠিত অসম এথেলেটিক চেম্পিয়নশ্বিপত।

তাৰ পিছত হিমাৰ জীৱনলৈ অলপ সময়ৰ বাবে কঠিন সময় আহে। কিছুদিনৰ বাবে তেওঁ থমকি ৰ’বলগীয়া হয়। জ্বলি ছাই হৈ যায় হিমাৰ ঘৰটো। অগ্নিকাণ্ডত ঘৰৰ সা-সম্পত্তিৰ লগতে হিমাৰ জন্মৰ প্ৰমাণ-পত্খনো ছাইত পৰিণত হয়। সেই কঠিন সময়ক অতিক্ৰম কৰিবলৈ হিমাৰ অধিক সময় নালাগিল। আন্তঃ জিলা ক্ৰীড়া প্ৰতিযোগিতাৰ সময়ত হিমাই নজৰ কাঢ়িছিল, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুব কল্যাণ সঞ্চালকালয়ৰ প্ৰশিক্ষক পাঠশালাৰ নিপন দাসৰ। তেওঁ প্ৰথমে হিমাক কান্ধুলিমাৰীৰ পৰা গুৱাহাটীলৈ আহিবলৈ উদগনি দিছিল। নিপন দাসৰ পৰামৰ্শ মৰ্মে ২০১৭ চনত হিমাই উন্নত প্ৰশিক্ষণৰ বাবে গুৱাহাটীলৈ আহে। সৰুসজাই ষ্টেডিয়ামৰ চিন্থেটিক ট্ৰেকত অনুশীলন আৰু প্ৰশিক্ষণ আৰম্ভ হয়। কনিষ্ঠ কন্যাক গুৱাহাটীত ৰাখিবলৈ পিতৃ-মাতৃ সৈমান হৌৱা নাছিল। সেয়ে প্ৰথম অৱস্থাত কিছুদিন নিতৌ ১৫০ কিলোমিটাৰ ট্ৰেইনেৰে গুৱাহাটীলৈ অহা-যোৱা কৰিছিল। পুৱা ৬ বজাতেই ঘৰৰ পৰা ওলাই নিশা ১১ বজাৰ পিছত ঘৰ সোমাইছিল। যিকোনো লোকৰ বাবে তেনেদৰে প্ৰশিক্ষণ, অনুশীলন আৰু দীৰ্ঘ সময়ৰ যাত্ৰা একেলগে কৰাটো সহজ নাছিল। কিছুদিনৰ পিছত হিমাৰ বাবে গুৱাহাটীত থাকি প্ৰশিক্ষণ গ্ৰহণ সম্ভৱ হৈ পৰে।

হিমাই ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম উল্লেখযোগ্য সফলতা লাভ কৰে চেন্নাইত। চেন্নাইত অনুষ্ঠিত ইণ্ডিয়ান অ’পেন চেম্পিয়নশ্বিপৰ ২০০ মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰে। তাৰ পিছত অষ্ট্ৰেলিয়াৰ গোল্ডকষ্ট কমনৱেলথ গেমছত ৪০০ মিটাৰ দৌৰত ৫১.৩২ ছেকেণ্ডেৰে ষষ্ঠ স্থান দখল কৰে। ফিনলেণ্ডৰ টেম্পাৰেত অনুষ্ঠিত ২০১৮ IAAF World U20 চেম্পিয়নশ্বিপত হিমাই ছেমিফাইনেলত প্ৰৱেশ কৰে ৫২.২৫ ছেকেণ্ড ব্যয় কৰি ৪০০ মিটাৰ অতিক্ৰম কৰে। ৫২.১০ ছেকেণ্ডেৰে ছেমিফাইনেলত জয়ী হৈ প্ৰৱেশ কৰে মহিলাৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেলত ৰোমানিয়া আৰু আমেৰিকাক অতিক্ৰমি বিশ্বশ্ৰেষ্ঠ হৈ জিলিকি উঠে। আঁজুৰি আনে ৪০০ মিটাৰ দৌৰৰ স্বৰ্ণপদক। হিমাই নিজকে প্ৰতিষ্ঠা কৰিলে ভাৰতৰ প্ৰথমগৰাকী বিশ্বখিতাপ জয় কৰা (যি কোনো বয়সৰ গ্ৰুপত) দৌৰবিদৰূপে। স্বৰ্ণ জয়ৰ মুহূৰ্তৰ আবেগক সফলতাৰে নিয়ন্ত্ৰিত কৰি হিমাই ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা আৰু হাতত ভাৰতৰ জাতীয় পতাকা লৈ ট্ৰেকৰ চাৰিওফালে দৌৰি বিশ্বৰ অগণন ক্ৰীড়ানুৰাগীক অভিভূত কৰে। হিমা দাসে ভাৰতবৰ্ষলৈ কঢ়িয়াই অনা গৌৰৱৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখতো অনুৰণিত হয়। ১৪ জুলাইত বাৰানসীৰ এখন বৃহৎ সমাবেশত দিয়া ভাষণত তেওঁ প্ৰশংসাৰে ওপচাই দিছিল অসম জীয়ৰী হিমা দাসক। প্ৰধানমন্ত্ৰী মোদীয়ে কয়– ‘অসমৰ এখন অখ্যাত গাঁৱৰ জীয়ৰী হিমা দাসে আজি ভাৰতবৰ্ষৰ মুখ উজলাই তুলিলে। দেশৰ বাবে চূড়ান্ত সফলতা কঢ়িয়াই অনা হিমাই পদকপ্ৰাপ্তিৰ মুহূৰ্তত অসমীয়াৰ স্বাভিমান গামোচা আৰু ৰাষ্ট্ৰীয় পতাকা লৈ সমগ্ৰ দেশবাসীক অভিভূত কৰিলে। পদক গ্ৰহণ কৰাৰ মুহূৰ্তত হিমাৰ চকুৰে বৈ আহিছিল গঙ্গা-যমুনাৰ দুই ধাৰা। দেশৰ স্বাভিমানৰ প্ৰতি কিমান বেছি সমৰ্পিত মন হিমাৰ, সেয়া এই চকুলোৰ মাজেৰেই প্ৰমাণিত। দেশৰ কৌটি কৌটি নাগৰিক আজি হিমাৰ প্ৰতি কৃতজ্ঞ। দেশৰ এশ কৌটি জনসাধাৰণৰ বাবে হিমা আজি গভীৰ অনুপ্ৰেৰণাৰ উৎস। ১৮ মাহ আগতেও হিমাই জিলা পৰ্য্যায়তহে খেলিছিল, কিন্তু অখ্যাত গাঁৱৰ খেতিয়কৰ সন্তান হিমা দাসে মাত্ৰ দেৰ বছৰত নিজৰ নিষ্ঠা আৰু একাগ্ৰতাৰে দেশৰ বাবে কঢ়িয়াই আনিলে গৌৰৱৰ বাৰ্তা। বহুত বহুত অভিনন্দন হিমালৈ।‘

হিমাৰ যাত্ৰাটোৱে পৰৱৰ্তী কালত দেশখনত বহু বিৰল গৌৰৱৰ আনি দিছে। ইয়াৰ বিপৰীতে দেশবাসীয়েও তেওঁ অপৰিসীম মৰম-চেনেহ আৰু সন্মান দিছে। লগতে তেওঁক আদৰ্শ আৰু প্ৰেৰণা হিচাপে লৈ দেশৰ ক্ৰীড়াংগনত বিশেষকৈ দৌৰৰ ক্ষেত্ৰখনত অসংখ্য যুৱশক্তিৰ আগমন ঘটিছে। এই বিশাল সমদলটোৱে এদিন ভাৰতক অধিক সাফল্য আনি দিব। লগতে হিমা দাসৰ পৰাও দেশখনে এতিয়াও বহু পাবলৈ বাকী। তেওঁৰ উত্তৰোত্তৰ সাফল্য কামনা কৰিছোঁ। শুভ জন্মদিন হিমা।

4 views0 comments