শিশুক বলাৎকাৰ : নৰখাদক জালালক গণপ্ৰহাৰ : গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ




গুৱাহাটীৰ পাণ্ডুৰ কৈলাসনগৰত দালাল উদ্দিন নামৰ এটা নৰাধমৰ কামনাৰ বলি হয় এটি ৯ বছৰীয়া শিশু কন্যা।

কৈলাসনগৰত ভাৰাতীয়া হিচাপে থকা জালালে কাষতে ভাৰাতীয়া হিচাপে এটা পৰিয়ালৰ শিশুটিক বলাৎকাৰ কৰে। পাষণ্ডটোক ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো মঙলবাৰৰ।






মঙলবাৰে বিয়লি শিশুটিৰ ঘৰত কোনো নথকাৰ সুযোগত লৈ জালাল উদ্দিনে ধৰ্ষণ কৰিবলৈ লয়। যন্ত্ৰণা সহ্য কৰিব নোৱাৰি অবোধ শিশুটিয়ে চিঞৰ-বাখৰ কৰাত প্ৰতিৱেশী তাত উপস্থিত হয়। ৰাইজে শিশুটিক উদ্ধাৰ কৰি লম্পটটেক উত্তম-মধ্যম দিয়ে। লগতে জালুকবাৰী আৰক্ষীক খবৰ দিয়ে। খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ লোকজনক থানালৈ লৈ আহে।



ঘটনা সন্দৰ্ভত কন্যা শিশুটিৰ পৰিয়ালৰ তৰফৰ পৰা জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰে। ইফালে অভিযুক্ত জালালউদ্দিনে সংবাদ মাধ্যমৰ আগত নিজকে নিৰ্দোষী বুলি দাবী কৰে।

11 views0 comments