সত্ৰীয়া সংস্কৃতিৰ ভোটাতৰা জগন্নাথ বৰবায়নৰ বৈকুণ্ঠপ্ৰয়াণ





সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বৰপেটাৰ জগন্নাথ বৰবায়নৰ আজি বৈকুণ্ঠপ্ৰয়াণ ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। বৰপেটা সত্ৰৰ ভীমা বায়ন বংশৰ বৰবায়নগৰাকীৰ বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়।



বৰবায়নৰ মৃত্যু অসমৰ সত্ৰীয়া সংস্কৃতিৰ জগতখনৰ বাবে অপূৰণীয় ক্ষতি ৰূপে বিবেচিত হৈছে। তেওঁসঅসমৰ সত্ৰ-সংস্কৃতিৰ বৰভঁৰালটোলৈ অমূল্য অৱদান আগবঢ়াই গৈছে। তেওঁৰ তত্বাৱধানত নৱপ্ৰজন্মই খোলবিদ্যাৰ প্ৰশিক্ষণ লৈ বিশ্ব দৰবাৰত সত্ৰ-সংস্কৃতিক উজলাই তুলিছে| তেওঁৰ বহু বঁটা-সন্মানেৰে সমৃদ্ধ হৈ আছে।

0 views0 comments