সহায় লওক হেল্পলাইনৰ : অসম আৰক্ষীয়ে ২৪ ঘণ্টাতে হেকাৰৰ পৰা ওভতাই আনিলে ৩৫ লাখ টকা






চাইবাৰ অপৰাধ ৰোধত অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিছে। এজন লোকৰ বেংক একাউণ্টৰ পৰা হৰলুকী হোৱা ৩৫ লাখ টকা ২৪ ঘন্টাৰ ভিতৰত ওভতাই আনিবলৈ সক্ষম হয় আৰক্ষী। ধনখিনি ড০ অংকুৰ হাজৰিকা নামৰ এজন ব্যক্তিৰ।



অংকুৰ হাজৰিকাৰ বুজন পৰিমাণৰ ধনখিনি এছ বি আই একাউণ্টৰ পৰা হৰলুকী হৈছিল। ঘটনাৰ বিষয়ে হাজৰিকাই পাণবজাৰ আৰক্ষী থানাত গোচৰ তৰে। লগতে চি আই ডিৰ হেল্পলাইন নম্বৰ ১৫৫২৬০ৰ জৰিয়তেও অভিযোগ দাখিল কৰে। অভিযোগ লাভ কৰি তৎপৰ হৈ পৰে আৰক্ষী। এই তৎপৰতাৰ বলতে ২৪ ঘণ্টাৰ পিছতে ড০ হাজৰিকাই হেৰুওৱা ধনখিনি বেংক একাউণ্টত ওভতাই পায়।


উল্লেখ্য যে বেংক একাউণ্টৰ পৰা ধন হৰলুকীৰ অভিযোগ দাখিল কৰিবলৈ আৰক্ষীয়ে পূৰ্বে মুকলি কৰিছিল চি আই ডিৰ এটা হেল্পলাইন নম্বৰ। একাউণ্টৰ পৰা টকা হৰলুকী হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত ১৫৫২৬০ হেল্পলাইন নম্বৰৰ জৰিয়তে অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল অসম আৰক্ষীয়ে।

9 views0 comments