স্বামী বিবেকানন্দৰ জীৱনৰ অৰঙে-দৰঙে




স্বামী বিবেকানন্দৰ ওপজাদিনটো আজি দেশজুৰি উদযাপিত হৈছে যুৱ দিৱস হিচাপে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ জৰিয়তে ভাৰতৰ মহান ব্যক্তিগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। তেওঁ কয়- ‘‘মহান স্বামী বিবেকানন্দলৈ ওপজাদিনটোত শ্রদ্ধা জনাইছোঁ। জাতীয় জাগৰণৰ অৰ্থে তেওঁ নিজৰ জীৱনটো উছৰ্গা কৰিছিল। তেওঁ নিজৰ কৰ্মজীৱনৰ জৰিয়তে বহু তৰুণক দেশ নিৰ্মাণৰ বাবে অনুপ্ৰাণিত কৰিছিল। তেওঁ আমাৰ দেশখনক লৈ স্বপ্ন দেখিছিল। আহক, আমি সকলোৱে মিলি তেওঁৰ স্বপ্নক বাস্তৱত পৰিণত কৰাৰ চেষ্টা চলাওঁ।

উল্লেখ্য যে স্বামী বিবেকান্দই ১৮৯৩ চনত ছিকাগোত প্রথম বিশ্বধর্ম মহাসম্মিলনত ভাৰত আৰু হিন্দু ধর্মক প্রতিনিধিত্ব কৰি দিয়া বক্তৃতাই তেওঁক অমৰত্ব প্ৰদান কৰিছে। পৰৱর্তী সময়তো তেওঁ যুক্তরাষ্ট্র আৰু ইউৰোপত হিন্দুধর্ম তথা ভাৰতীয় বেদান্ত আৰু যোগ দর্শনৰ প্রচাৰত প্রধান ভূমিকা পালন কৰিছিল। ভাৰততো হিন্দু পুনর্জাগৰণৰ অন্যতম পুৰোধা বিবেকানন্দৰ জন্মদিনটো ‘জাতীয় যুৱ দিৱস’ হিচাপে পালিত হয়। ১৯৮৪ চনত প্রথমবাৰ দিনটোক যুৱ দিৱস হিচাপে পালনৰ সিদ্ধান্ত লৈছিল তদানীন্তন কেন্দ্রীয় চৰকাৰে।


১৮৬৩ চনৰ ১২ জানুৱাৰীত উত্তৰ কলকাতাৰ চিমলাত জন্মগ্রহণ কৰিছিল স্বামী বিবেকানন্দ ওৰফে নৰেন্দ্রনাথ দত্ত। শৈশৱৰ পৰাই মেধাৱী নৰেনৰ যুক্তিবিদ্যাত থকা দক্ষতা তথা পাৰদৰ্শিতাই সকলোকে মুগ্ধ কৰিছিল। কিন্তু শ্রীৰামকৃষ্ণ পৰমহংসৰ সান্নিধ্যই তেওঁৰ জীৱনটোক এটা নতুন মোৰ প্ৰদান কৰে। তেওঁ নৰেন্দ্ৰনাথ দত্তৰ পৰা হৈ পৰে স্বামী বিবেকানন্দ। তেওঁৰ জীৱন আৰু চিন্তাধাৰা মাথোঁ কেৱল ওপজাদিনটোতেই নহয়, বছৰৰ প্ৰতিটো দিনত আমাৰ বাবে হ’ব পাৰে পাথেয়। তেওঁ মানৱ জাতিৰ বাবে যি বাণী আৰু পথ নিৰ্দেশনা দি থৈ গৈছে, তাৰ আবেদন্তন

শৈশৱৰ পৰাই জাত-পাতৰ দৰে সংকীৰ্ণ চিন্তাৰ ঊৰ্ধ্বত আছিল স্বামী বিবেকানন্দ। তেওঁৰ পিতৃ সমাজৰ এগৰাকী বিশিষ্ট ব্যক্তি ৰূপে প্ৰতিষ্ঠিত। সেই সূত্ৰে তেওঁলোকৰ পৰিয়ালত সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ আহ-যাহ চলিছিল। আলোচনা কক্ষত বহু হোঁকা আছিল। ভিন্ন জাতৰ মানুহৰ বাবে ভিন্ন হোঁকা। এদিন বালক বিবেকানন্দই কেউটা হোঁকাত টান মাৰিলে। ঘটনাটো জানিব পাৰি ক্ষুব্ধ পিতৃয়ে পুত্ৰৰ পৰা ইয়াৰ কাৰণ জানিব বিচাৰিলে। বিবেকানন্দৰ সৰল-চালোঁ, জাতি যায় নে নাই।

স্বামী অভেদানন্দৰ অসুস্থতাৰ খবৰ পাই বাৰাণসীলৈ গৈছিল বিবেকানন্দ। যাত্ৰাপথত খবৰ পালে যে শ্রীৰমকৃষ্ণৰ পৰম সেৱক বলৰীম বসুৰ মৃত্যু হৈছে। খবৰ পাই তেওঁ কান্দি উঠিল। সন্ন্যাসীরৰ চকুত সাধাৰণে অশ্ৰু দেখা নাযায়। তেওঁ কিয়. কান্দিছিল? প্ৰশ্নটো শুনি বিবেকানন্দ অলপ ক্ষুব্ধ হৈ পৰিল। তেওঁ কয়, মই এনে সন্ন্যাস নামানো য’ত হৃদয়খনক শিলৰ দৰে কঠিন কৰিবলগীয়া হয়।

বাৰাণসীৰ পথত স্বামী প্রেমানন্দৰ সৈতে খোজকাঢ়িছল স্বামী বিবেকানন্দ। হঠাৎ তাত বান্দৰৰ এটা দল উপস্থিত হয়। বান্দৰৰ খেদা খাই প্ৰথমে দুয়ো ভয়তে পলাবলৈ ধৰিলে। পিছত হঠাৎ স্বামী বিবেকানন্দ ৰৈ গ’ল। তেওঁক ৰৈ যোৱা দেখি বান্দৰৰ দলটোও স্তম্ভিত হৈ পৰে। পিছত ঘটনাটোৰ ব্যাখ্যা কৰি স্বামী বিবেকানন্দই জনাইছিল, সমস্যাৰ পৰা পলালে নহ’ব। বৰং সাহসেৰে মোকাবিলা কৰিব লাগিব।

এবাৰ এগৰাকী মার্কিন তৰুণীয়ে বিবেকানন্দক বিয়াৰ প্রস্তাৱ দিয়ে। এজন তৰুণ সন্ন্যাসীক তেওঁ বিয়া কৰাব বিচাৰিছে, কথাটো স্বামী বিবেকানন্দই জানিব বিচাৰিলে। তৰুণীৰ উত্তৰ- স্বামী বিবকানন্দৰে বিবাত বহি তেওংৰ দৰে এজন জ্ঞানী সন্তানৰ মাতৃ হ’ব বিচাৰে। উত্তৰত বিবেকানন্দই ক’লে- ‘‘আপুনি বিয়া কৰিব। তাৰ পিছত সন্তান হব। কিন্তু সন্তানটো ডাঙৰ হৈ জ্ঞানী হ’ব নে নহয়, তাৰ নিশ্চয়তা নাই। তাতকৈ আপুনি মোকেই সন্তান হিচাপে গ্ৰহণ কৰক। তেতিয়া আপুনি জ্ঞানী সন্তানৰ মাতৃ হৈ পৰিব আৰু মনোবাঞ্ছা পূৰ্ণ হ’ব।

6 views0 comments