সামাজিক মাধ্যমত ঘৃণা বিয়পোৱা ৭১জনক গ্ৰেপ্তাৰ ত্ৰিপুৰা আৰক্ষীৰ



বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতিবাদত ত্ৰিপুৰাত সংঘটিত হিংসাত্মক ঘটনা আৰু ইয়াৰ পৰৱৰ্তীকালত হোৱা ঘটনাক লৈ কঠোৰ হৈছে ত্ৰিপুৰাৰ বিজেপি চৰকাৰ। চৰকাৰখনে সামাজিক মাধ্যমত উত্তেজনাপূৰ্ণ পোষ্ট দিয়া লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে তেনে ৭১জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।


উল্লেখ্য যে


বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত ত্ৰিপুৰাৰ পাচিনগৰত বিশ্ব হিন্দু পৰিষদে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত হিংসাত্মক ঘটনা সংঘটিত হয়। ইয়াকে লৈ একাংশ লোক সামাজিক মাধ্যমৰ জৰিয়তে উত্তেজক বাৰ্তা বিচৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ ৰচনাৰ চক্ৰান্তত লিপ্ত হয়। আটক হোৱা এইসকল লোকে। আনকি হিংসাত্মক ঘটনাৰ পাছতে একাংশ লোকে ত্ৰিপুৰাত হিন্দুৰ আক্ৰমণত মছজিদ ধ্বংস হোৱা বুলি সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাইছিল। তদুপৰি ত্ৰিপুৰাৰ মুছলমানক বচাওক শীৰ্ষক অভিযানো সামাজিক মাধ্যমৰ জৰিয়তে আৰম্ভ হয়। আৰক্ষীয়ে তেনেদৰে অপপ্ৰচাৰ তথা ঘৃণা বিয়পোৱা চলোৱা লোকক গ্ৰেপ্তাৰ কৰে।




আনহাতে, বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে এতিয়ালৈ চাৰিজন লোকক আটক কৰিছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ পাচিনগৰত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত কোনো লোক সাৰি যাব নোৱাৰে বুলি হুংকাৰ দিছে।

8 views0 comments