হোৱাটছএপৰ নিষিদ্ধ একাউন্টৰ তালিকাত আছে ২.২ নিযুতাধিক ভাৰতীয় একাউণ্ট




যোৱা ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ সময়সীমাৰ এক ৩০ দিনীয়া মাহেকীয়া প্ৰতিবেদন জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপে প্ৰকাশ কৰিছে । তথ্য প্ৰযুক্তি নিয়ম, ২০২১ অনুসৰি প্ৰকাশিত হোৱা এই প্ৰতিবেদনত হোৱাটছএপে উল্লেখ কৰিছে যে ছেপ্টেম্বৰ মাহত ২,২০৯,০০০ টা ভাৰতীয় একাউণ্ট এপটোৱে নিষিদ্ধ কৰে । প্ৰতিবেদনত জনোৱা হৈছে যে ছেপ্টেম্বৰ মাহত প্লেটফৰ্মটোৱে প্ৰায় ৫৬০-টাৰো অধিক অভিযোগ লাভ কৰাৰ পিছত এই একাউণ্টবোৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । হোৱাটছএপে কয় যে '+৯১' কোড নম্বৰৰ জৰিয়তে ফোন নম্বৰবোৰক ভাৰতীয় বুলি চিনাক্ত কৰা হয় । জানিব পৰামতে এই নিষিদ্ধ হোৱা একাউণ্টসমূহ পূৰ্বে ৯৫ শতাংশতকৈও অধিক স্বয়ংক্ৰিয় বা বাল্ক মেছেজিঙৰ বাবে ব্যৱহৃত হৈছিল । উল্লেখযোগ্য যে হোৱাটছএপে এপটোৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ প্ৰতিমাহে গড়ে প্ৰায় ৮ নিযুত একাউন্টক বিশ্বজুৰি নিষিদ্ধ কৰে ।

3 views0 comments