১৪দিনৰ ন্যায়িক জিম্মালৈ পদ্মশ্ৰী উদ্ভৱ ভৰালী




এগৰাকী ১৩ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগত কাৰাগাৰলৈ যাবলগীয়া হৈছে পদ্মশ্ৰী সন্মানেৰে সন্মনিত তথা অসমত উদ্ভাৱক হিচাপে সুখ্যাতি থকা উদ্ধৱ ভৰালী। তেওঁক লখিমপুৰ জিলা আৰু সত্ৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে তেওঁ জিলা বিশেষ দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰিছিল।


উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশিষ্ট উদ্ভাৱকগৰাকীৰ জামিন আবেদন খাৰিজ কৰে। তাৰ পিছতে ভৰালীৰ কাৰাগাৰ যাত্ৰা প্ৰশস্ত হৈ পৰে।


ইফালে, ভুক্তভোগী কিশোৰীগৰাকীৰ 'audio-visual statement' লৈছিল লখিমপুৰ জিলা আইনসেৱা প্ৰাধিকাৰীয়ে। সেই স্বীকাৰোক্তিৰ ভিত্তিত জিলা মুখ্য ন্যায়ধীশে পদ্মশ্ৰী ড° উদ্ধৱ কুমাৰ ভৰালীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। অৱশ্যে ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল উদ্ধৱ ভৰালীৰ। জামিনৰ ম্যাদ শেষ হোৱাৰ পিছত পুনৰ জামিন আবেদন কৰে যদিও কিশোৰীগৰাৰীৰ ভাষ্য শুনাৰ পিছত আদালতে জামিন নাকচ কৰে।


উল্লেখ্য যে, ভৰালী বিৰুদ্ধে তোলনীয়া ১৩ বছৰীয়া কিশোৰী এগৰাকীক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগ উঠিছে আৰু গোচৰ এটা গোচৰ ৰুজু হৈছে।

8 views0 comments