২০২০ চনত কৃষকৰ তুলনাত ব্যৱসায়ী লোকৰ আত্মহত্যাৰ সংখ্যা বেছি : এন চি আৰ বি




নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)-য়ে যোগান ধৰা তথ্যমতে ভাৰতত যোৱা ২০২০ বৰ্ষটোত কৃষকতকৈও বেছি ব্যৱসায়ী লোকেহে আত্মহত্যা কৰিছে । কোভিড মহামাৰীয়ে জুৰুলা কৰা বছৰটোত কৃষকৰ আত্মহত্যাৰ সংখ্যা আছিল ১০,৬৭৭ জন, কিন্তু তাৰ বিপৰীতে ব্যৱসায়ী লোকৰ আত্মহত্যাৰ সংখ্যা হৈছে ১১,৭১৬ জন । যিটো কৃষকৰ সংখ্যাতকৈ ১,০৩৯ টা বেছি । এন চি আৰ বিৰ শেহতীয়া 'ভাৰতত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যা' শীৰ্ষক প্ৰতিবেদনমতে ব্যৱসায়ী লোকৰ আত্মহত্যাৰ মাত্ৰা ২০১৯ চনতকৈ ২০২০ চনত ২৯ শতাংশ বাঢ়িছে । তথ্যমতে ২০১৪-ৰ পৰা ২০১৯-লৈকে কৃষকৰ আত্মহত্যাৰ সংখ্যাই ব্যৱসায়ী লোকৰ আত্মহত্যাৰ সংখ্যাক দমন কৰি আছিল কিন্তু এইবাৰ তাৰ ওলোটাটোহে ঘটিল । তথ্যমতে এই আত্মহত্যাৰ অধিকাংশ ব্যৱসায়ী হৈছে পুৰুষ (৯৩%) যাৰ ভিতৰত ৩৬% বিক্রেতা(Vendors), ৩৭% বণিয়া(Tradesman) আৰু ২০% অন্য ব্যৱসায়ী(Others) । এওঁলোকৰ বেছিভাগেই উচ্চমাত্ৰাত উন্নত ৰাজ্যবোৰৰ বাসিন্দা আছিল । আত্মহত্যা কৰা মুঠ ব্যৱসায়ী লোকৰ ভিতৰত ৪০% লোক কেৱল কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ । অৱশ্যে ব্যৱসায়ী লোকৰ আত্মহত্যাৰ সংখ্যা নিবনুৱা আৰু দিন হাজিৰা কৰা লোকৰ আত্মহত্যাৰ সংখ্যাতকৈ কম ।আনহাতে ২০২০ চনত কেৰেলাত ৮৫০০ লোকে আত্মহত্যা কৰিবলৈ বাধ্য হয়। ইয়াৰ প্ৰায় ৬৫৭০ গৰাকী পুৰুষ আৰু ১৯৩০ গৰাকী মহিলা ।

5 views0 comments