২০২২ৰ বাবে ২০২১-এ ভাৰতৰ বাবে গঢ়া ভেটিৰ দিশবোৰ




বহুজনৰ মনত ২০২১ বৰ্ষটোৱে বৰ সুখকৰ ধাৰণা এটা ৰাখি থৈ যাব নোৱাৰিলে। বিশেষকৈ কৰোনাৰ দিনকেইটাই বছৰটোক কলংকিত কৰি থৈ গ’ল। বছৰটোৰ যেতিয়া অন্ত পৰিল, অনেকৰ মনত এনেকুৱাও অনুভৱ আহিল যে তেওঁলোকে ক’বলৈ বাধ্য হ’ল- এই বছৰটোৰ সবাতকৈ ভাল কথাটো হ’ল, অৱশেষত বছৰটো শেষ হ’ল। কিন্তু বছৰটো ইমান হতাশাজনকো নাছিল। কেইবাটাও ক্ষেত্ৰত ২০২১ বৰ্ষটো ২০২২ চনৰ বাবে মাইলৰ খুঁটি হ’ব পাৰে। যেনে- ক্ৰীড়াক্ষেত্ৰখন। ক্ষেত্ৰখনত ভাৰতে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়ে ২০২২ চনত দেশৰ ক্ৰীড়াক্ষেত্ৰখনত নতুন উছাহ, প্ৰেৰণা আৰু সাহস যোগাব। হকী পুনৰুজ্জীৱিত হোৱাৰ দিশে আগবাঢ়িল। অলিম্পিকত ভাৰতে সাফল্যৰ ননুত িতিহাস ৰচনা কৰিলে। ইয়াৰ অসম, মণিপুৰৰ দৰে ৰাজ্যৰো অৰিহণা থাকিল। ক্ৰিকেটতো জয়যাত্ৰা অব্যাহত ৰাখি ভাৰতে বিদেশৰ ভূমিত চমকপ্ৰদ প্ৰদৰ্শন কৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয় আছিল বছৰটোৰ অন্যতম সাফল্য।

ইয়াৰ উপৰি বিগত বৰ্ষটোৰ যিবোৰ সাফল্য তথা প্ৰাপ্তিয়ে ভাৰতৰ বাবে ২০২২ চনৰ ভেটি বান্ধিছে, তাৰে অন্যতম আৰ্থিক প্ৰগতি।

‘ফিনানঞ্চিয়েল টাইমছ’ত আমেৰিকাৰ বিনিয়োগ বিষয়ক সংস্থা এমএছচিআইৰ উদ্ধৃতি দি লিখা হৈছে, সাম্প্রতিক বছৰসমূহত উন্নয়নশীল অর্থনীতিৰ দেশবোৰত শ্বেয়াৰ বজাৰৰ স্থিতি বৰ সুবিধাজনক নহয়। কিন্তু কথাটো ভাৰতৰ ক্ষেত্রত সত্য নহয়। ২০০৮ৰ আর্থিক সংকটৰ পিছৰে পৰা প্রকৃতার্থত ভাৰতে প্ৰথমবাৰৰ বাবে ছেনছেক্সত দুই অংকৰ বৃদ্ধি উপর্যুপৰি তিনি বছৰ ধৰি অব্যাহত থাকে।

তৃতীয় ইতিবাচক বিষয়টো লক্ষণীয়। সেইটো দেশৰ উদ্যোগপতিৰ জগতত প্রতিভাৱানসকলৰ উত্থান। এইটো অৱশ্যে নতুন কথা নহয়। বিগত তিনিটা দশকত ভাৰতে বহুসংখ্যক নৱপ্ৰজন্মৰ উদ্যোগপতিৰ উত্থান প্রত্যক্ষ কৰিছে। তাৰে ভিতৰত সুনীল মিট্টাল আৰু উদয় কটক উল্লেখযোগ্য। তদুপৰি, ছফটৱেৰ আৰু ওষুধ প্ৰস্তুত ক্ষেত্রখনত নতুন আলোক দেখা গৈছে। দেশীয় অটোম’বাইল উদ্যোগত নতুন উদ্যোগীৰ উত্থান লক্ষণীয় হৈ পৰিছে।

তেওংলোকৰ দৰে আন বহুতে আন আন ক্ষেত্রত নেতৃত্ব দি বৃহত্তৰ অর্থনীতিক আগুৱাই লৈ গৈছে। এতিয়াৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বৈদ্যুতিক যান-বাহন, পৰিবেশবান্ধৱ শক্তিসমূহ, বৈদ্যুতিন সামগ্রীৰ উৎপাদন আৰু খুচৰা ব্যৱসায়, প্রযুক্তিৰ ক্ষেত্রত ‘ইউনিকর্ন’সকল (অর্থাৎ, ১০ লাখ টকাৰ পৰিধি অতিক্ৰম কৰা স্টার্ট-আপ ব্যৱসায়)এই অগ্রগতিৰ যোগ্য উত্তৰাধিকাৰী হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ হৈছে।

চতুর্থত, চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ লক্ষ্য পূৰণৰ কথাটো উল্লেখ কৰিব পাৰি। এই কামত চৰকাৰে প্রযুক্তিক বাহন হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ বাবে কৃতিত্বৰ পাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে চৰকাৰী আমোলা, প্ৰযুক্তি বিষয়ক উদ্যোগতপতিসকলক সাধুবাদ নিদি নোৱাৰি। তেওঁলোকেই ইয়াক ধৰাতললৈ লৈ গৈছে। একেই কাম প্ৰাথমিক শিক্ষা আৰু জনস্বাস্থ্য সেৱাৰে জড়িত বিষয়সমূহতো সম্ভৱ হ’ব বুলি আশা কৰিব পাৰি।

পঞ্চমত, প্ৰতিৰক্ষাৰ দিশটোত ভাৰত ক্ৰমশঃ আত্মনিৰ্ভৰ আৰু শক্তিশালী হৈ গৈ আছে। ২০২১ চনটোৱে ইয়াৰ ভেটি প্ৰস্তুত কৰা বুলি ক’ব পাৰি। ২০২২ চনটো হ’ব, ক্ষেত্ৰখনত গতিদান। আমাৰ দেশখনত এতিয়া লাইট কমেট যুদ্ধবিমানৰ উৎপাদন সম্ভৱ হৈছে। সম্ভৱ হৈছে লাইট কমবেট হেলিকপ্টাৰৰ নির্মাণ। ভাৰত প্রথমবাৰ নিজৰ ভূমিত বিমানবাহী যুদ্ধজাহাজ তৈয়াৰ কৰিবলৈ সামর্থ্য হৈছে। ভাৰত পৰমাণু শক্তিচালিত দ্বিতীয় ছাবমেৰিন নির্মাণত উদ্যোগী হৈছে আৰু ক্ষেপণাস্ত্রৰ এটা বিশাল সম্ভাৰ নিজৰ হাতত প্রস্তুত কৰি ৰাখিবলৈও সফল হৈছে।

সাফল্যৰ এই দৃশ্যৰ আঁৰত আছে উপকৰণ যোগনিয়াৰ সংস্থাসমূহৰ অকথিত সাফল্যৰ কাহিনী। ইয়াৰ এটা বৃহৎ অংশ মধ্যম আৰু ক্ষুদ্র উদ্যোগৰ। সংস্থাসমূহৰ উৎপাদনচক্র আজিও অতি সময়সাপেক্ষ। বিশ্বৰ দ্বিতীয় বৃহত্তম প্রতিৰক্ষা সামগ্রীৰ আমদানিকাৰক দেশৰ পৰা ভাৰত আজি প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত এখন উল্লেখযোগ্য উৎপাদক দেশত পৰিমত হৈছে। এিটো নিসন্দেহে ২০২১ চনৰ অন্যতম দান।

পরিশেষত, আহি থকা দুবছৰত দেশখনে আন্তঃগাঁথনি বিকাশৰ অৰ্থে দীৰ্ঘম্যাদী ৰূপত কৰা বিনিয়োগৰ সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব। হয়তো এই সময়ছোৱাতে পশ্চিম ভাৰতৰ উচ্চ গতিসম্পন্ন মালবাহী ৰে’ল-কৰিডৰ আৰু মসৃণতম এক্সপ্রেছৱে’ আৰু ৰাষ্ট্ৰীয়পথৰ নির্মাণ সম্পূৰ্ণ হৈ যাবে। শক্তি উৎপাদনত ঘাটিৰ দিন অতীতপ্ৰায়, টেলি-যোগাযোগ বিপ্লৱ সম্পন্ন হোৱা বুলি ক’ব পাৰি। ম’বাইল বেংকিংসহ অন্যান্য প্রযুক্তিনিবিড় সেৱা ক্ষেত্রৰ বাবে লাখ লাখ মানুহৰ জীৱনযাপন সৰল কৰি তুলিবলৈ সমর্থ হৈছে। বিমানযাত্রা পূৰ্বৰ তুলনাত বহু কম ব্যয়সাপেক্ষ হৈছে। দেশখনে শীঘ্ৰেই দ্রুততৰ গতিসম্পন্ন, অধিক আৰামদায়ক যাত্রীবাহী ৰে’লৰ অভিজ্ঞতা অৰ্জন কৰিব পাৰিব। মুঠতে ক’ব পাৰি যে উন্নতিৰ এনে এখনত বিমানত আমাৰ দেশখন উঠিছে যে কম সময়ৰ ভিতৰতে নাগৰিকৰ জীৱনযাপন সৰল আৰু সহজ হৈ পৰিব। অৱশ্যে ইয়াৰ সমান্তৰালকৈ জনগণৰ উপাৰ্জন আৰু ক্ৰয় ক্ষমতা বৃদ্ধি হোৱাটো জৰুৰী। চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া দৰকাৰ।

5 views0 comments